৮৩জন পাকিস্তানী হিন্দুক ভাৰতীয় নাগৰিকত্ব প্ৰদান!

৮৩জন পাকিস্তানী হিন্দুক ভাৰতীয় নাগৰিকত্ব প্ৰদান!

ডিজিটেল ডেস্কঃ পাকিস্তানৰ পৰা কেইবাবছৰো পূৰ্বে ভাৰতলৈ আহি বাস কৰিব লোৱা প্ৰায় ৮৩ গৰাকী হিন্দু শৰণাৰ্থীক শুকুৰবাৰে আহমেদাবাদৰ জিলা প্ৰশাসনে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে৷

জিলা উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত হোৱা এক শিৱিৰত জিলা প্ৰশাসনিক বিষয়া বিক্ৰান্ত পাণ্ডে তথা স্থানীয় বিধায়ক বলৰাম থাৱনীয়ে ৮৩ গৰাকী আবেদনকাৰীক ১৯৫৫ চনৰ নাগৰকিত্ব আইনৰ অধিনিয়মৰ অধীনত ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে৷

ইফালে কেইবাছৰ পূৰ্বে ভিন্ন কাৰণত পাকিস্তানৰ পৰা আহি ভাৰতত বাস কৰি থকা হিন্দু শৰণাৰ্থীকেইজনৰ অধিকাংশ সিন্ধী সম্প্ৰদায়ৰ আৰু বাকীখিনি মাহেশ্বৰী সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে৷

ইয়াৰ পূৰ্বেও আহমেদাবাদত ভিন্ন দেশৰ পৰা অহা ২০০ হিন্দু শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছিল৷ জিলা প্ৰশাসনিক বিষয়া বিক্ৰান্ত পাণ্ডেয়ে কয় যে আহমেদাবাদ, গাজীবাদ, গান্ধীনগৰত এতিয়াও বহু হিন্দু বিদেশী লোকে অবৈধভাৱে বাস কৰি আহিছে৷ কিন্তু সকলোকে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাটো সম্ভৱ নহয় বুলিও স্পষ্ট কৰি দিয়ে প্রশাসনিক বিষয়াগৰাকীয়ে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in