ডুবাইত শোকাৱহ বাছ দূৰ্ঘটনাত নিহত ৮ ভাৰতীয়

ডুবাইত শোকাৱহ বাছ দূৰ্ঘটনাত নিহত ৮ ভাৰতীয়

ডিজিটেল ডেস্কঃ ডুবাইত সংঘটিত এক ভয়ংকৰ বাছ দূৰ্ঘটনাত ৮ ভাৰতীয়সহ মুঠ ১৭জন লোকে হেৰুৱালে প্ৰাণ। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত ৩১ জন যাত্ৰীসহ এখন বাছ ৰছিদিয়া নামৰ ঠাই পাৰ হ'বলৈ লোৱাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ পথ দূৰ্ঘটনা। জায়েদ ৰোডৰ শ্বেখ মহম্মদৰ এটা মূৰ্তিত খুন্দা মৰাৰ বাবে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ডুবাই আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

দূৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয় লোকসকল ক্ৰমে ৰাজগোপালন, ফিৰোজ খান পাঠান, ৰেছমা ফিৰোজ খান পাঠান, দীপক কুমাৰ, জামালুদ্দিন অৰ্কাভেট্টিল, কিৰণ জনী, বাসুদেৱ আৰু তিলকৰাম জৱাহৰ ঠাকুৰ। ইফালে দূৰ্ঘটনাত আহত হৈছে কেইবাজনো ভাৰতীয় নাগৰিক। ডুবাইৰ ৰছিদ হাস্পতালত ভৰ্তি কৰাৰ পিছত ইতিমধ্যে হাস্পতাল কৰ্তৃপক্ষই ৪জন ভাৰতীয় লোকক সংকটমুক্ত বুলি ঘোষণা কৰিছে। বৰ্তমানো চিকিৎসালয়ত আছে কেইবাজনো ভাৰতীয় লোক।

নিহত ভাৰতীয়সকলৰ আত্মীয়ৰ সৈতে যোগাযোগৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ডুবাইস্থিত ভাৰতীয় দূতাবাসে। ইফালে ভাৰতীয় লোকসকলে যিকোনো সহায় বিচাৰিলে ডুবাইস্থিত ভাৰতীয় দূতাবাসৰ বিষয়া সঞ্জীৱ কুমাৰৰ যোগাযোগ নম্বৰ +৯৭১-৫০৪৫৬৫৪৪১ অথবা হেল্পলাইন নম্বৰ +৯৭১-৫৬৫৪৬৩৯০৩ত যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in