কংগ্ৰেছ মুক্ত অসম ! কোন কংগ্ৰেছীৰ মন বিজেপিত? বিজেপিত যোগ দিবলৈ ওলোৱা ৮ বিধায়কৰ তালিকা…

কংগ্ৰেছ মুক্ত অসম ! কোন কংগ্ৰেছীৰ মন বিজেপিত? বিজেপিত যোগ দিবলৈ ওলোৱা ৮ বিধায়কৰ তালিকা…

ডিজিটেল ডেস্কঃ কংগ্ৰেছ মুক্ত হ'বনেকি অসম? কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছতে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চল পৰা কংগ্ৰেছ মুক্ত কৰাৰ পৰিকল্পনাৰে গঠন কৰিছিল নেডা। তাৰ পিছৰ পৰাই উত্তৰ পূৰ্বাঞ্চলত কংগ্ৰেছৰ শক্তি দুৰ্বল হৈ পৰাই নহয়, ক্ষমতাও হেৰুৱালে কংগ্ৰেছে। কেৱল সেয়াই নহয় এজনৰ পিছত আন এজনকৈ কংগ্ৰেছ নেতাই দল ত্যাগ কৰি বিজেপিত চামিল হ'ল।

শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ এক বক্তব্যই ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ অনুষ্ঠিত বিধাসভাৰ নিৰ্বাচনত ২৯ জনকৈ বিধায়ক অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত কংগ্ৰেছ দলটোৰ ২জন বিধায়কে আনুষ্ঠানিক ভাৱে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰায়েই নহয়, উপ-নিৰ্বাচনত বিজেপিৰ টিকটত বিজয় সাব্যস্ত কৰি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু থাওৰাৰ বিধায়কক সুশান্ত বৰগোঁহাই পুনৰ বিধানসভাৰ মজিয়াত প্ৰৱেশ কৰিলে।

আনহাতে ৰহাৰ বিধায়ক শশীকান্ত দাসে কংগ্ৰেছৰ সদস্য হৈও বিধানসভাৰ ভিতৰে, বাহিৰে চৰকাৰৰ লগত থকাৰ লগতে অনানুষ্ঠানিক ভাৱে বিজেপিৰ অংশীদাৰ হৈ পৰিছে। এনে প্ৰেক্ষাপটতত মাত্ৰ ১ টা বছৰতে কংগ্ৰেছে বিধানসভাৰ মজিয়াত ৩ জনকৈ বিধায়কৰ শক্তি হেৰুৱাইছে।

ইফালে শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা ৰাজ্য সভাৰ নিৰ্বাচনত বিজেপি মিত্ৰযোঁটৰ প্ৰাৰ্থীক ভোট দান কৰাৰো অভিযোগ আছে কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে। একেই অৱস্থা ৰাষ্ট্ৰপতিৰ নিৰ্বাচনতো। ৰাজ্যসভাৰ নিৰ্বাচনত অৱশ্যে এ আই ইউ ডি এফেহে বিজেপিৰ সৈতে গোপন বুজাবুজি কৰি বিজেপিৰ প্ৰাৰ্থীক ভোটদান কৰা বুলি মুকলি অভিযোগ উত্থাপন কৰিছিল।

ৰাজ্য সভাৰ নিৰ্বাচনত কংগ্ৰেছ নে এ আই ইউ ডি এফে ক্ৰছ ভোটিং কৰিলে সেই কথা পোহৰলৈ নাহিল যদিও ৰাষ্ট্ৰপতি নিৰ্বাচনত যে অতি কমেও ৪ জন কংগ্ৰেছ বিধায়কে কংগ্ৰেছ তথা বিৰোধী সমৰ্থিত প্ৰাৰ্থীক ভোটদান কৰাৰ পৰিৱৰ্তে বিজেপি মিত্ৰযোঁটৰ প্ৰাৰ্থীক ভোটদান কৰিছিল সেই কথা স্পষ্ট হৈছে।

এনে পৰিস্থিতিত বিধায়ক প্ৰশান্ত ফুকনে ৮ গৰাকীকৈ কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰিব বুলি মুকলিকৈ কোৱাত এতিয়া কংগ্ৰেছৰ ভিতৰ মহলত ধুমুহাৰ সৃষ্টি হোৱাৰ লগতে ৰাজ্যৰ ৰাজনীতি পুনৰ এবাৰ গৰম হৈ পৰিছে। যদি প্ৰশান্ত ফুকনৰ কথাই শুদ্ধ হয় তেন্তে শীঘ্ৰেই অসমত আকৌ ৮ টাকৈ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাট মুকলি হ'ব।

উল্লেখ্য যে পূৰ্বেও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত তেওঁৰ মানুহ আছে বুলি মুকলিকৈ কৈ আহিছে। কংগ্ৰেছত থকা একাংশৰ মন বিজেপিত বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই। বহু কেইজনে বিজেপিত যোগদানৰ চেষ্টা চলাই আছে যদিও বিজেপিত তেওঁলোকৰ বাবে ঠাইৰ অভাৱ হোৱাৰ হেতু যোগদান কৰিব দিব পৰা নাই বুলি মন্তব্য কৰিছিল।

এতিয়া প্ৰশ্ন উঠিছে, কংগ্ৰেছৰ ভিতৰচৰাত থাকিয়েই কংগ্ৰেছৰ বিৰুদ্ধে কাৰ্যকলাপ কৰি থকা এই বিধায়কসকল কোন? কোন কোন বিধায়কে বিজেপিত যোগদান কৰাৰ চেষ্টা চলাই আছে? কোন কংগ্ৰেছীৰ দেহ কংগ্ৰেছত আৰু মন বিজেপিত?

চৰ্চা অনুসৰি এই তালিকাত আছে বকোৰ বিধায়িকা নন্দিতা দাস, দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী, তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, অভয়াপুৰী (দক্ষিণ) ৰ বিধায়ক প্ৰদীপ সৰকাৰ, বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰুৱা, মঙ্গলদৈৰ বিধায়ক বসন্ত দাস, বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন আৰু কংগ্ৰেছত থাকিও মুকলিকৈ বিজেপিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি থকা ৰহাৰ বিধায়ক শশীকান্ত দাস।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in