এটা দুটা নহয়, ৮ টা বিস্ফোৰণে কপাইছে শ্ৰীলংকা, ক’লা ধোঁৱাই ছানিছে আকাশ, ১৭৭ জনৰ মৃত্যু, চাওক VIDEO

এটা দুটা নহয়, ৮ টা বিস্ফোৰণে কপাইছে শ্ৰীলংকা, ক’লা ধোঁৱাই ছানিছে আকাশ, ১৭৭ জনৰ মৃত্যু, চাওক VIDEO

ডিজিটেল ডেস্কঃ ভয়াবহ বিস্ফোৰণে কপাই তুলিছে শ্ৰীলংকা। এটাৰ পিছত এটাকৈ মুঠ ৮ টা বোমা বিস্ফোৰণে ৰাষ্ট্ৰখনৰ ইস্তাৰ আনন্দ উৎসৱৰ ৰং ম্লান কৰি পেলায়। নিমিষতে ক'লা ধোৱাই আৱৰি ধৰি ৰাজধানী চহৰ কলম্বোৰ আকাশ। দেওবাৰে পুৱা ৬ টা বিস্ফোৰণ ধাৰাবাহিকভাৱে বিস্ফোৰিত হোৱাৰ পিছত দুপৰীয়াৰ ভাগত পুনৰ ২টা বিস্ফোৰণ ঘটে।

এই ভয়াবহ বিস্ফোৰণত ইতিমধ্যে মুঠ ১৭৭ জন লোকৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। আনহাতে আহত হৈছে প্ৰায় ৬ শতাধিক লোক। ইয়াৰ প্ৰথম ৬ টা ধাৰাবাহিক বিস্ফোৰণত ১৫৬ জন লোক নিহত আৰু দুপৰীয়াৰ ভাগত কলম্বোৰ দুটা ভিন্ন প্ৰান্তত সংঘটিত হোৱা বিস্ফোৰণ দুটাত এতিয়ালৈকে ২১ জন লোকৰ মৃত্যু ঘটা বুলি ৰাষ্ট্ৰখনৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

উল্লেখ্য যে, কলম্বোৰ কচ্চিকাদেৰ চেণ্ট এণ্ঠনী গীৰ্জাত আৰু তাৰ পিছত নিগম্বোৰ চেণ্ট চেবাছটিয়ান আৰু বট্টিচালোৱাৰ জিঅ'ন গীৰ্জাত ধাৰাবাহিকভাৱে তিনিটা বিস্ফোৰণ সংঘটিত হয়। ইয়াৰ উপৰিও প্ৰায় একে সময়তে চাংগৰি লা নামৰ এখন পঞ্চতাৰকাযুক্ত হোটেল আৰু চিন্নামোণ্ড গ্ৰেণ্ড আৰু কিংগছবিউৰি হোটেল নামৰ তিনিখন পৃথক পৃথক হোটেলত সংঘটিত হয় বিস্ফোৰণ। এই বিস্ফোৰণত নিহত সকলৰ ভিতৰত হোটেল কেইখনত বাহৰ পাতি থকা ৩৫ গৰাকী বিদেশী পৰ্যটকো থকা বুলি জানিব পৰা গৈছে।

ইফালে সপ্তমটো বিস্ফোৰণ ঘটে কলম্বোৰ পৰা ২০ মিনিট নিলগৰ দেহিৱালা-মাউন্ট লাভিনিয়াস্থিতি দেহিৱালা জুৰ সন্মুখত। দুপৰীয়াৰ ভাগত সংঘটিত এই বিস্ফোৰণটোত ১০ জন লোকৰ মৃত্যু ঘটাৰ লগতে গুৰুতৰভাৱে আহত হয় প্ৰায় ২৫ জন লোক।

ৰাষ্ট্ৰখনত এটাৰ পিছত এটাকৈ সংঘটিত হোৱা ধাৰাবাহিক বিস্ফোৰণৰ পিছতে ৰাষ্ট্ৰ প্ৰশাসন সষ্টম হৈ পৰিছে। ৰাজাধানী কলম্বোত সৃষ্টি হোৱা হাহাকাৰ পৰিস্থিতি শাম কটোৱাৰ বাবে নাগৰিকসকলক সান্তনা দিয়াৰ চেষ্টা চলাইছে। এনেদৰে সংঘটিত হোৱা কূটাঘাত প্ৰতিৰোধৰ বাবে প্ৰশাসনে তন্ন তন্ন তালাচী চলাইছে।

ৰাষ্ট্ৰখনৰ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানী কলম্বোৰ লগতে অন্যান্য চহৰসমূহৰ বিমান বন্দৰ, ৰে'ল ষ্টেছন আদিত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে। আনহাতে পুৱাই সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ ফলত দেওবাৰে কলম্বো বিমান বন্দৰৰ পৰা উৰা মাৰিব লগা সকলো বিমান সেৱা বাতিল কৰা হোৱা বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰ খনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰক্ষা মন্ত্ৰী মৈথৰীপাল শিৰিসেনাই তৎকালীন ভাৱে এক প্ৰশাসনীয় বৈঠকৰ আয়োজন কৰে। ৰাষ্ট্ৰখনৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰি তাক ৰোধ কৰা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উচ্চস্থৰীয় প্ৰসাসনিক বিষয়াৰ সৈতে আলোচনা কৰে। ৰাষ্ট্ৰখনৰ প্ৰতিৰক্ষা বিভাগে কলম্বোৰ লগতে কেইবাখনো চহৰত সান্ধ্য আইন জাৰি কৰাৰ লগতে সাময়িকভাৱে ছ'চিয়েল মিডিয়া ব্যৱহাৰ বন্ধ কৰিছে। বিস্ফোৰণক লৈ যাতে কোনো ভুৱা খবৰ প্ৰচাৰ হৈ পৰিস্থিতি অধিক ভয়াবহ কৰি তুলিব নোৱাৰে, তাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰিছে।

আনফালে, এই বিস্ফোৰণ কাণ্ডৰ এজন প্ৰত্যক্ষদৰ্শী আচেলা ৱাইদ্যালাংকাৰাই সেই ভয়াবহ পৰিস্থিতিৰ কথা বৰ্ণনা কৰি কয়, 'দেহিৱালাৰ ভয়ংকৰ বিস্ফোৰণ সময়ত মই সেই পথেৰে গৈ আছিলো। হঠাৎ মই এক প্ৰচণ্ড শব্দ শুনো। লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। মানুহবোৰে ইফালে সিফালে মই দৌৰা দেখো। আকাশখন ক'লা ধোঁৱাই আবৰি ধৰিছিল সেই সময়ত। মোৰ এনে লাগিছিল যেন মই মৃত্যুৰ পথেৰে গতি কৰি আছো…'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in