জাল আধাৰ কাৰ্ড, বাংলাদেশৰ চীম কাৰ্ড সংলগ্ন মোবাইলসহ, গুৱাহাটীত আটক ৮ বাংলাদেশী নাগৰিক

জাল আধাৰ কাৰ্ড, বাংলাদেশৰ চীম কাৰ্ড সংলগ্ন মোবাইলসহ, গুৱাহাটীত আটক ৮ বাংলাদেশী নাগৰিক
  • সোমবাৰে গুৱাহাটী ৰে'লৱে ষ্টেচনত আটক ৮ গৰাকী বাংলাদেশী নাগৰিক।
  • দিনৰ প্ৰায় ২ বজাত নামনিমুৱা চেন্নাই এক্সপ্ৰেছৰ পৰা আটক হয় নাগৰিক কেইজন।
  • ষ্টেচনত তালাচী চলাই থকা ৰে'লৱে আৰক্ষীয়ে আটক কৰে লোক কেইজনক।
  • সন্দেহ উপজাৰ বাবে ৰে'লৱে আৰক্ষীয়ে সোধা পোছা কৰাৰ পিছতে আটক কৰা হয় লোককেইজনক।
  • ইফালে আৰক্ষীয়ে লোককেইজনৰ পৰা লাভ কৰিছে ৮ খনকৈ আধাৰ কাৰ্ড।
  • আধাৰ কাৰ্ড কেইখন জাল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।
  • ইয়াৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে কেইবাটাও বাংলাদেশৰ চীম কাৰ্ড সংলগ্ন মোবাইল ফোন।
  • আটকাধিন লোককেইজন- আক্ৰাম হুছেইন(১৯), দিলৱাৰ হুছেইন(১৯), ৰুবেল হুছেইন(১৯), কমল হুছেইন(২০), মনিৰ হুছেইন(২১), আবু তাহেৰ(১৮), ছবুজ হুছেইন(১৯) আৰু মানিৰ হুছেইন(১৮)।
  • লোক কেইজন বাংলাদেশৰ চিটাগং জিলাৰ ভজপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চিকনচেৰা অঞ্চলৰ বাসিন্দা বুলি সদৰি কৰিছে ৰে'ল আৰক্ষীয়ে।
  • ২০ এপ্ৰিলত আগৰতলা হৈ ভাৰতত প্ৰৱেশ কৰিছিল লোককেইজনে।
  • ২১ এপ্ৰিলত গুৱাহাটী অভিমুখি এখন বাছেৰে আহি সোমবাৰে পুৱা গুৱাহাটীত উপস্থিত হয়হি বাংলাদেশৰ লোক কেইজন।
  • ভোটগ্ৰহণৰ প্ৰাকক্ষণত গুৱাহাটীত এনেদৰে বাংলাদেশী নাগৰিক আটক হোৱা বিষয়টোৱে চিন্তাত পেলাইছে মহানগৰ আৰক্ষীক।
  • কেনেদৰে আৰক্ষীৰ তালাচীৰ মাজতো বাংলাদেশৰ পৰা আহি লোককেইজন গুৱাহাটী পালেহি তাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
  • উল্লেখ্য যে, মঙলবাৰে গুৱাহাটীৰ লগতে ৰাজ্যৰ ৪ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in