বৃহস্পতিবাৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক প্ৰদান কৰা হ’ব ভাৰতৰত্ন, পুত্ৰই গ্ৰহণ কৰিব এই সন্মান

ফাইল ফটো
ফাইল ফটো
  • বৃহস্পতিবাৰে প্ৰদান কৰা হ'ব দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন।
  • সুধাকণ্ঠ ড০ ভূপেন হাজৰিকালৈ মৰণোত্তৰভাৱে এই সন্মান আগবঢ়োৱা হ'ব।
  • দেশৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হ'ব ভাৰতৰত্ন।
  • ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিব এই সন্মান।
  • সুধাকণ্ঠৰ লগতে এই সন্মান যচা হ'ব বিশিষ্ট সমাজকৰ্মী নানাজী দেশমুখ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক।

'ভাৰতৰত্ন' ল'বলৈ আহি দিল্লীত উপস্থিত ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা…
  • চলিত বৰ্ষৰ আৰম্ভণিতে এই তিনিওগৰাকী ব্যক্তিক ভাৰতৰত্ন প্ৰদানৰ কথা ঘোষণা কৰা হৈছিল।
  • 'ভাৰতৰত্ন' ল'বলৈ আহি দিল্লীত বাহৰ পাতি আছেহি ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা।

হোটেল তাজত সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা…
  • নিউয়ৰ্কৰ পৰা আহি দিল্লীত ৬ আগষ্টত উপস্থিত হৈছিলহি সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা।
  • দিল্লীৰ তাজ হোটেলত বাহৰ পাতি আছে সোধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা, তেওঁৰ পত্নী আৰু পুত্ৰই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in