কৰ্মচাৰীলৈ মোডী চৰকাৰৰ দিপাৱলীৰ উপহাৰ…

কৰ্মচাৰীলৈ মোডী চৰকাৰৰ দিপাৱলীৰ  উপহাৰ…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় নৰেন্দ্ৰ মোডী চৰকাৰে চৰকাৰী কৰ্মচাৰীলৈ আগবঢ়াইছে দিপাৱলীৰ উপহাৰ। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ২৮ শতাংশৰ পৰা ৩১ শতাংশলৈ বৃদ্ধি কৰিছে। ২০২১ চনৰ ৩১ জুলাইৰ পৰা এই নতুন মৰগীয়া বানচ বৃদ্ধিৰ নিৰ্দেশনা কাৰ্যকৰী হ'ব।

চৰকাৰৰ এই সিদ্ধান্তৰ ফলত ৪৭.১৪ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৬৮.৬২ লাখ অৱৰপ্ৰাপ্ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী (পেঞ্চনাৰ) লাভাম্বিত হ'ব। সপ্তম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰীৰ এই মৰগীয়া বানচ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জানিব পৰা মতে মুদ্ৰাস্ফীতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ ডি এ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in