আজি ৭১ সংখ্যক অসম আৰক্ষী দিৱস…

আজি ৭১ সংখ্যক অসম আৰক্ষী দিৱস…

ডিজিটেল ডেস্কঃ ১ অক্টোবৰ অসম আৰক্ষী দিৱস। অসম আৰক্ষীৰ এই বিশেষ দিনটোত অসম আৰক্ষীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উল্লেখ্য যে আই পি এছ বিষয়া কে আৰ চৌধুৰীৰ স্মৃতিত প্ৰতি বছৰে ১ অক্টোবৰত অসম আৰক্ষী দিৱস উদযাপন কৰা হয়।

আই পি এছ বিষয়া কে আৰ চৌধুৰীয়ে ১৯৫১ চনৰ ১ অক্টোবৰত অসম আৰক্ষীৰ মূৰব্বীৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ উপস্থিতিত গুৱাহাটীৰ কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষীত অসম আৰক্ষী দিৱস উদযাপন কৰা হৈছে।

এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি অসম আৰক্ষীয়ে নগাঁৱ আৰক্ষী হাস্পতালত অনুষ্ঠিত কৰিছে এক ৰক্তদান শিবিৰ। এই ৰক্তদান শিবিৰ সকলোৰে বাবে মুকলি কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in