২৭ জানুৱাৰীত ১২ ঘণ্টাৰ বাবে ৰাজ্য অচল কৰিব ৭০ সংগঠনে!

২৭ জানুৱাৰীত ১২ ঘণ্টাৰ বাবে ৰাজ্য অচল কৰিব ৭০ সংগঠনে!
  • নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে ৭০টা জাতীয় সংগঠনে পুনৰ সাব্যস্ত কৰিব প্ৰতিবাদ।
  • সোমবাৰে মহানগৰীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত সংবাদমেলযোগে ৭০টা সংগঠনৰ নেতৃত্বই কৰে এই ঘোষণা।
  • সংবাদমেলত কৃষক নেতা অখিল গগৈয়ে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।
  • ২৩ জানুৱাৰীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জোঁৰ সমদল বাহিৰ কৰিব সংগঠনকেইটাই।
  • ২৭ জানুৱাৰীত পুৱা ৫বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ৰে'লপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী হাতত ল'ব ৭০ টা সংগঠনে।
  • ২৮-২৯ জানুৱাৰীত দিছপুৰ লাষ্টগেটত বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰাৰ কথাও উল্লেখ কৰে সংবাদমেলত।
  • বিজেপি-আৰ এছ এছে 'হিন্দু ৰাষ্ট্ৰ'ৰ স্বপ্নৰে অসমৰ খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ এই যুক্তিক ভিত্তিহীন আখ্যা অখিল গগৈৰ।
  • 'হিন্দু ধৰ্মই অসমীয়াৰ অস্তিত্বক সুৰক্ষা নিদিয়ে।'
  • '৮৩.৪০ শতাংশ হিন্দু জনসংখ্যা থকা চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ জনগাঁথনি আৰু ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ মৰ্মবেদনাৰ পৰাই ইয়াৰ উমান পাব পাৰি।'
  • '২০১১ চনৰ লোকপিয়ল মতে ত্ৰিপুৰাত ৮৩.৪০ % হিন্দু জনসংখ্য থকাৰ পাছতো থলুৱা ত্ৰিপুৰীসকলৰ অস্তিত্ব সুৰক্ষিত নহ'ল।'
  • 'তেওঁলোক জনজাতি হোৱাৰ পাছতো তেওঁলোকৰ মাটিৰ অধিকাৰ, অৰ্থনৈতিক, ৰাজনৈতিক অধিকাৰ, ভাষাৰ অস্তিত্ব সকলো নিঃশেষ হৈ গ'ল।'
  • 'হিন্দু ধৰ্মৰ আধিপত্য থকাৰ পাছতো ত্ৰিপুৰী জাতি নাবাচিল।'
  • 'অসমত হিন্দু ধৰ্মৰ আধিপত্যই কেতিয়াও অসমৰ জাতি-জনজাতি, খিলঞ্জীয়া লোকৰ প্ৰভুত্ব সুৰক্ষিত নকৰে।'
  • 'তাৰ বিপৰীতে ত্ৰিপুৰাৰ দৰে অসমকো নিঃশেষহে কৰিব।'
  • সোমবাৰে সংবাদমোলত এই মন্তব্য কৰে অখিল গগৈয়ে।
  • কাশ্মীৰ মানেই ভাৰতৰ আইন প্ৰণয়ন নোহোৱা ঠাইঃ অখিল গগৈ।
  • কেন্দ্ৰীয় চৰকাৰৰ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে উচ্চ পৰ্যায়ৰ কমিটী গঠন সন্দৰ্ভত ক্ষোভ অখিল গগৈৰ।
  • 'এয়া এক নিৰ্বাচনী টোপহে। জনজাতিকৰণৰ কৰাৰ চৰকাৰৰ কোনো সদিচ্ছা নাই।'
  • মুখ্যমন্ত্ৰীক নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মুকলি বিতৰ্কৰ বাবে প্ৰত্যাহ্বান ৭০টা সংগঠনৰ নেতৃত্বৰ।
  • ১৩ ফেব্ৰুৱাৰীলৈ অসমবাসীক আন্দোলন কৰিবলৈ আহ্বান অখিল গগৈৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in