লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৭ আলফা(স্বাঃ)ৰ কেডাৰৰ আত্মসমৰ্পণ

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৭ আলফা(স্বাঃ)ৰ কেডাৰৰ আত্মসমৰ্পণ
  • আলফা (স্বাঃ)ত মোক্ষম আঘাট।
  • তিনিচুকীয়াৰ এক অজ্ঞাত স্থানত আত্মসমৰ্পন ৭গৰাকী আলফা সদস্যৰ।
  • আত্ম সমৰ্পন কৰা সদস্য কেইগৰাকী ক্ৰমে চাৰ্জেন্ট বৰুণ অসম, লেন্স কৰ্পৰেল সৌৰভ অসম আৰু লেন্স কৰ্পৰেল উৎপল অসম।
  • তেওঁলোকৰ লগত আত্মসমৰ্পন কৰিছে লেন্স কৰ্পৰেল বসন্ত অসম, লেন্স কৰ্পৰেল নিনজা অসম, মজিদ মৰাণ আৰু শ্বেখৰজ্যোতি অসমে।
  • লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সাফল্য৷
  • আত্মসমৰ্পণৰ সময়ত কেডাৰকেইজনৰ পৰা লাভ কৰা হয় বহু অস্ত্ৰ-শস্ত্ৰ।
  • লাভ কৰা অস্ত্ৰ-শস্ত্ৰসমূহৰ ভিতৰত এটা একে৪৭ সহ ৫টা মেগজিন, তিনিটা এমকিউসহ ১১টা মেগজিন, দুটা এইছকেসহ ৮টা মেগজিন আৰু ১১ টা গ্ৰেণেডৰ লগতে ৮০৪ আৰডিএক্স।
  • এই অস্ত্ৰ-শস্ত্ৰসমূহ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ হাতত জমা দিয়ে কেডাৰকেইজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in