মায়াবী চোৰক লৈ অসম আৰক্ষীত চাঞ্চল্যঃ এছ আইসহ ৭ জনক নিলম্বন!

মায়াবী চোৰক লৈ অসম আৰক্ষীত চাঞ্চল্যঃ এছ আইসহ ৭ জনক নিলম্বন!

ডিজিটেল সংবাদ, গুৱাহাটীঃ এটা চোৰ। এই চোৰটোৰ বাবে এতিয়া অসম আৰক্ষীৰ ভিতৰচ'ৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। অসম আৰক্ষীৰ জোলোকা-জোলোকে পানী খুউওৱা এই চোৰটো হৈছে জাহিৰুল ইছলাম।

কিছুদিন পূৰ্বে মহানগৰীৰ কোনো এক স্থানত চুৰি কাৰ্য সংঘটিত কৰি আৰক্ষীৰ জালত পৰিছিল জাহিৰুল। আৰক্ষীৰ জালত পৰা জাহিৰুলক নিক্ষেপ কৰা হয় জেললৈ। জেলত থকাৰ সমান্তৰালভাৱে আদালতত চলি আছিল জাহিৰুলৰ বিচাৰ।

শুকুৰবাৰে উক্ত বিচাৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত এটি ফাইল আদালতত দণ্ডাধীশৰ ওচৰত জমা দিয়াৰ সময়তে সংঘটিত হয় অঘটন। লগে লগে হাহাকাৰ লাগে আৰক্ষীৰ ভিতৰচ'ৰাত।

কয়দী চোৰটো এনেকৈ উধাও হোৱাত উৰ্ধতম কৰ্তৃপক্ষই ফাইল জমা দিবলৈ অহা আৰক্ষীৰ দলটোক জবাবদিহি কৰে। কিন্তু আৰক্ষীৰ দলটোৱে চোৰটো তেওঁলোকৰ লগত নাছিল বুলি জনায়।

লগে লগে যোগাযোগ কৰা হয় জেল কৰ্তৃপক্ষক। জেল কৰ্তৃপক্ষই স্পষ্টকৈ জনাই দিয়ে যে জাহিৰুলক ফাইল জমা দিবলৈ যোৱা আৰক্ষীৰ দলটোৰ হাততে গতাই দিয়া হৈছে।

বিশেষ সূত্ৰই জনোৱা মতে, চোৰটোক লৈ এনেকৈ এটা পক্ষই আনটো পক্ষক দোষ জাপি দি থকাৰ মাজতে শনিবাৰে আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই এগৰাকী উপ-পৰিদৰ্শকসহ ৭গৰাকী আৰক্ষীক নিলম্বনৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সদৰী কৰিছে এটি সূত্ৰই।

কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে এনেদৰে কয়দী চোৰ উধাও হোৱা ঘটনাটো গাপ দিবলৈ আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰখা বুলিও সদৰী কৰিছে সূত্ৰটোৱে।

ফাঁচীবজাৰত বিস্ফোৰণ সংঘটিত হোৱাৰ মাজতে যাতে ভাৱমূৰ্তি আৰু অধিক বিনষ্ট নহয় তাৰ বাবেই আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই এনেদৰে ঘটনাটো গাপ দিবলৈ চেষ্টা চলাইছে বুলি সূত্ৰটোৱে দাবী কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in