কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গ্ৰেণেড নিক্ষেপ, গুৰুতৰভাৱে আহত ৭জন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী। কিন্তু তাৰমাজতে শ্ৰীনগৰৰ লাল চ'কৰ সমীপত সংঘটিত হয় গ্ৰেণেড বিস্ফোৰণ। দৰাচলতে, লাল চকৰ সমীপৰ হৰি সিংহ ষ্ট্ৰীটৰ কাষতে সন্ত্ৰাসবাদীয়ে নিক্ষেপ কৰে গ্ৰেণেড। এই গ্ৰেণেড বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় ৭জনকৈ লোক। আহত আটাইকেইজনকে ভৰ্তি কৰা হৈছে হাস্পতালত।

ইফালে, নিৰাপত্তাবাহিনীয়ে সন্ত্ৰাসবাদীৰ সন্ধানত আৰম্ভ কৰিছে অভিযান।আৰু এই অভিযানত সহযোগ কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়েও। উল্লেখ্য যে, ইয়াৰ পূৰ্বেঅৰ্থাৎ ৫ অক্টোবৰতো সন্ত্ৰাসবাদীয়ে নিক্ষেপ কৰিছিল গ্ৰেণেড। ডি চি অফিচৰ বাহিৰতকৰা এই আক্ৰমণত এগৰাকী যান-বাহন আৰক্ষীৰ লোক আৰু এজন সাংবাদিকসহ আহত হৈছিল ১৪জনকৈলোক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in