নিমিষতে ছাই হৈ গ’ল সকলো, দক্ষিণ শালমাৰাত অগ্নিকাণ্ডত ভস্মীভূত ৭ টা ঘৰ

নিমিষতে ছাই হৈ গ’ল সকলো, দক্ষিণ শালমাৰাত অগ্নিকাণ্ডত ভস্মীভূত ৭ টা ঘৰ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ বৃহস্পতিবাৰে পুৱা প্ৰায় দহ বজাত দক্ষিণ শালমাৰাৰ ফাঁকিৰগঞ্জত এক বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। হাজী বাহেজ উদ্দীন নামৰ এজন লোকৰ ঘৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। চিলিণ্ডাৰ বিস্ফোৰণ হৈ এইদৰে জুই লাগি নিমিষতে দুটা পৰিয়ালৰ সাত টা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

আব্দুৰ ৰহমানৰ ৫ টা ঘৰ সহ প্ৰায় ৯ লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষতি হয়। হাজী বাহেজ উদ্দীনৰ দুটা ঘৰৰ প্ৰায় ১০০ কুইণ্টল সৰিয়হসহ ১১ লক্ষাধিক টকাৰ ক্ষতি হয়। স্থানীয় ৰাইজে নিজস্ব প্ৰচেষ্টাৰে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

এই অগ্নিকাণ্ডই দুয়োটা পৰিয়ালক গৃহহীন কৰাৰ লগতে নিজৰ মাটি, এন আৰ চিসহ যাৱতীয় সকলো নথি-পত্ৰ ভস্মীভূত হৈ পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in