অপ্ৰয়োজনীয় শিক্ষা! মধ্য প্ৰদেশৰ এক তৃতীয়াংশ নৱ নিৰ্বাচিত বিধায়কেই নাজানে লিখা-পঢ়া

অপ্ৰয়োজনীয় শিক্ষা! মধ্য প্ৰদেশৰ এক তৃতীয়াংশ নৱ নিৰ্বাচিত বিধায়কেই নাজানে লিখা-পঢ়া

ডিজিটেল ডেস্কঃ আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে সোমবাৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে কমল নাথে৷ সুদীৰ্ঘ ১৫ বছৰৰ পিছত এইবাৰ কংগ্ৰেছে ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে৷ কিন্তু সোমবাৰে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ লগতে ৰাজ্যখনৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ শিক্ষাগত অৰ্হতাও এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে৷ মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিধায়কসকলে দাখিল কৰা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰৰ যোগেদি কেতবোৰ নতুন তথ্য পোহৰলৈ আহিছে৷ এই তথ্যৰ পৰা জানিব পৰা গৈছে যে মধ্যপ্ৰদেশৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ এক তৃতীয়াংশই স্কুলৰ দেওনা পাৰ হোৱা নাই৷

অৱশ্যে তুলনামূলকভাৱে এইবাৰ বিধানসভা নিৰ্বাচনত নিৰ্বাচিত বিধায়কসকলৰ শিক্ষাগত অৰ্হতা পূৰ্বৰ তুলনাত কিছু উন্নত বুলিব পাৰি৷ পূৰ্বে এনে বিধায়কো ৰাজ্যখনত নিৰ্বাচিত হোৱাৰ নজিৰ আছে, যিয়ে বিধায়ক হিচাপে মনোনয়ন দাখিলৰ সময়তহে নিজৰ স্বাক্ষৰটো কৰিবলৈ শিকিছিল৷

প্ৰকাশিত তথ্য অনুসৰি, নৱনিৰ্বাচিত বিধায়কসকলৰ ১২ জনে নিজৰ স্বাক্ষৰটো কৰিব পাৰে আৰু পাঠশালাৰ বাকৰিত ভৰি দি পাইছে৷ ৭জন বিধায়কৰ শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণীলৈ৷ ১৩ জন বিধায়কে দশম শ্ৰেণীলৈ শিক্ষালাভ কৰাৰ বিপৰীতে নৱ নিৰ্বাচিত ৩৭জন বিধায়কে কোনোমতে হায়াৰ চেকণ্ডাৰীৰ দেওনা চুইছে৷

কিন্তু শিক্ষাগত অৰ্হতা যিয়েই নহওক, ইয়ে বিধায়কসকলৰ কামত বাধাৰ সৃষ্টি কৰা নাই৷ বিজেপিৰ বিধায়ক কমল জৈনে মনোনয়ন দাখিল কৰাৰ পূৰ্বে স্বাক্ষৰটো কৰিবলৈ শিকছিল৷ তেওঁ কয়, 'মই দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছো৷ শিক্ষা মোৰ বাবে কেতিয়াও বাধা হৈ পৰা নাই৷ কিয়নো মানুহৰ বাবে কাম কৰিবলৈ শিক্ষাগত অৰ্হতা প্ৰয়োজন নহয়৷'

ঠিক একেদৰেই মন্তব্য আগবঢ়াইছে চতুৰ্থ শ্ৰেণী উত্তীৰ্ণ কংগ্ৰেছী বিধায়ক সঞ্জয় দাকাদে৷ তেওঁ কয়, 'শিক্ষাতকৈ অভিজ্ঞতা বেছি প্ৰয়োজনীয় সম্পদ৷ মই অভিজ্ঞতা লাভ কৰিছো, আৰু তাৰ পৰাই মই শিক্ষাও লাভ কৰিছো৷ যিয়ে মোক মানুহৰ বাবে কাম কৰিবলৈ শিকাইছে৷'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in