৬৬ সংখ্যক নেশ্যনেল ফিল্ম এৱাৰ্ড ঘোষণা, অৰিজিত সিঙলৈ শ্ৰেষ্ঠ গায়ক বঁটা…

৬৬ সংখ্যক নেশ্যনেল ফিল্ম এৱাৰ্ড ঘোষণা, অৰিজিত সিঙলৈ শ্ৰেষ্ঠ গায়ক বঁটা…

ডিজিটেল ডেস্কঃ শুকুৰবাৰে শাস্ত্ৰী ভৱনৰ পি আই বি প্ৰেক্ষাগৃহত আয়োজন কৰা হয় ৬৬সংখ্য নেশ্যনেল ফিল্ম এৱাৰ্ড প্ৰদান অনুষ্ঠান। প্ৰতি বছৰে এপ্ৰিলত ঘোষণা কৰা হয় নেশ্যনেল ফিল্ম এৱাৰ্ড। কিন্তু ২০১৯ৰ লোকসভা নিৰ্বাচন চলি থকাৰ বাবে এই পুৰস্কাৰ ঘোষণা হয় ৯ আগষ্ট।

এইবাৰ অভিনেতা আয়ুষ্মান খুৰানাৰ ছবি 'অন্ধাধূন'খনে লাভকৰিছে শ্ৰেষ্ঠ ছবিৰ বঁটা। লগতে উত্তৰাখণ্ডক 'ফিল্ম ফ্ৰেণ্ডলী ৰাজ্য' পুৰস্কাৰপ্ৰদান কৰা হয়। ইফালে, বেষ্ট ফিল্ম (ক্ৰিটিক)ৰ পুৰস্কাৰ অনন্ত বিজয় (হিন্দী) আৰুব্লে জানী (মলিয়ালম)য়ে লাভ কৰিবলৈ সক্ষম হয়।

৬৬সংখ্যক নেশ্যনেল ফিল্ম এৱাৰ্ড লাভ কৰা বিভিন্ন ছবি আৰু শিল্পীসকল-

গায়ক অৰিজিত সিংঃ পদ্মাৱত ছবিখনৰবাবে বেষ্ট মেল প্লে'বেক ছিংগাৰ এৱাৰ্ড।

সুৰেখা ছিকৰীঃ বধাই হ' ছবিখনৰ বাবেবেষ্ট ছাপৰ্টিং অভিনেত্ৰী এৱাৰ্ড।

বেষ্ট কৰিঅ'গ্ৰাফী এৱাৰ্ডঃ পদ্মাৱত ছবিৰ 'ঘূমৰ' গীতৰ বাবে।

বেষ্ট মিউজিক ডায়ৰেক্টৰঃ পদ্মাৱত ছবিৰ বাবে সঞ্জয় লীলাভাঞ্চালীয়ে লাভ কৰে।

বেষ্টবেকগ্ৰাউণ্ড মিউজিক এৱাৰ্ডঃ 'উৰী' ছবিয়ে লাভ কৰে।

বেষ্টএডিটিং ফিল্মঃ 'নাথীচৰামি' ছবিখনে লাভ কৰে।

বষ্টঅডিঅ'গ্ৰাফী ফিল্মঃ 'উৰী' ছবিখনে লাভ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in