শেহতীয়া খবৰ
ভাৰতত কোৰোনাত মৃত্যু ৮৫হাজাৰো অধিক লোক...  •  চিৰাঙত যাত্ৰীবাহী বাহনত চোৰাং কাঠ...  •  প্ৰধানমন্ত্ৰীয়ে ক'লেঃ সাৱধান, কোৰোনাৰ দ্বিতীয় ৱেভ আৰম্ভ...  •  পুৱাই ভূমিকম্প...  •  চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...

মুখ্যমন্ত্ৰীৰ নেতৃ্ত্বত ‘কা’বিৰোধী প্ৰতিবাদঃ ৬০ লাখ লোকৰ ৬২০ কিঃমিঃ জোৰা মানৱ শৃংখল…

14,423

ডিজিটেল ডেস্কঃ সংশোধিত নাগৰিকত্ব আইনক লৈ দেশৰ ভিন্ন প্ৰান্ত অব্যাহত আছে প্ৰতিবাদ আৰু সমদল। চৰকাৰী পক্ষই আইনখনৰ বিৰুদ্ধে সমদল বাহিৰ কৰাৰ বিপৰীতে বিভিন্ন দল-সংগঠনৰ নেতৃত্বত সৰ্বসাধাৰণ ৰাইজে অব্যাহত ৰাখিছে কা’ বিৰোধী প্ৰতিবাদ। আইনখনক লৈ দেশৰ চলি থকা বাদ-প্ৰতিবাদৰ মাজতে যোৱা ২৬ জানুৱাৰীত কেৰালাৰ তিৰুৱন্তপুৰমত সাব্যস্ত হ’ল এক অভিনৱ প্ৰতিবাদ।

কা’ৰ বিৰোধিতাৰে গণৰাজ্য দিৱসৰ দিনাই ৰাজ্যখনত চি পি আই এম আৰু বাওঁ গণতান্তিক মৰ্চাই আহ্বান কৰা এক প্ৰতিবাদত অংশ লয় প্ৰায় ৬০ লাখ লোকে।

View image on Twitter

চি পি আই এম আৰু বাওঁ গণতান্তিক মৰ্চাই বহু বিৰ্তকিত আইনখনৰ বিৰুদ্ধে ৰাজ্যখনৰ উত্তৰ প্ৰান্তৰ পৰা দক্ষিণ প্ৰান্তলৈ প্ৰায় ৬২০ কিঃমিঃ জোৰা মানৱ শৃংখল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।

Image

ৰাজপথৰ কাষেৰে উলিওৱা এই দীৰ্ঘ মানৱ শৃংখলৰ লগতে প্ৰতিবাদকাৰী সকলে একেলগে পাঠ কৰে সংবিধানৰ প্ৰস্তাৱনা।

Image

বিয়লি ৪ বজাত উলিওৱা এই মানৱ শৃংখলত অংশ লয় কেৰেলাৰ মুখ্যমন্ত্ৰী পিনৰাই সুন্দৰমেও। সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰাৰ সমান্তৰালভাৱে প্ৰতিবাদকাৰী সকলে সংবিধান ৰক্ষা কৰাৰ বাবে শপতো লয়। উল্লেখ্য যে, ৬২০ কিঃমিঃ জোৰা এই মানৱ শৃংখলৰ প্ৰথমজন ব্যক্তি আছিল মুখ্যমন্ত্ৰী পিনৰাই সুন্দৰম।

Image
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি