পুনৰ নাৰকীয় কাণ্ড! যোগীৰ ৰাজ্যত বলাৎকাৰ কৰি ৬ বছৰীয়া শিশুক বেল্টেৰে ডিঙি চেপি হত্যা

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ কোনো শব্দৰেই যেন মানুহৰ নাৰকীয়তাৰ বৰ্ণনা দিয়া এতিয়া সম্ভৱ নহয়। দেশত দিনক দিনে বৃদ্ধি পোৱা নাৰী হত্যা, ধৰ্ষণৰ অপৰাধ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰো। শেহতীয়াকৈ হায়দৰাবাদত এগৰাকী চিকিৎসক যুৱতীক বলাৎকাৰ কৰি হত্যা কৰাৰ ঘটনাক নৈ সমগ্ৰ দেশ উত্তাল থকাৰ সময়তে পুনৰ এক নাৰকীয় কাণ্ড সংঘটিত হ'ল। এইবাৰ যোগী ৰাজ্য উত্তৰপ্ৰদেশৰ আলিগড়ত নৃশংস নিৰ্যাতনৰ বলি হ'ল এটি ৬ বছৰীয়া কন্যা শিশু।

আলিগড় থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে নৰপিশাচৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে, যোৱা শনিবাৰে আলিগড়ৰ এখন চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত হৈছিল এক অনুষ্ঠান। সেই অনুষ্ঠানলৈ গৈছিল ৬ বছৰীয়া কন্যা শিশুটোও। অনুষ্ঠান চাবলৈ বিদ্যালয়ত ভিৰ কৰিছিল বহু গাঁওবাসীও। আবেলি অনুষ্ঠান শেষ হোৱাৰ পিছত সকলো ঘৰা ঘৰি যায় যদিও সন্ধিয়া পৰলৈকে শিশুটি উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ আৰম্ভ কৰে।

পিছত একাংশ গাঁওবাসীয়ে বিদ্যালয়ৰ সমীপৰ বনাঞ্চলত শিশুটিৰ ক্ষত বিক্ষত মৃতদেহ প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ প্ৰাথমিক তদন্তত শিশুটিক বলাৎকাৰ কৰি হত্যা কৰি বুলি জানিবলৈ দিয়ে। আনহাতে পাষণ্ডই বেল্টেৰে ডিঙি চেপি শিশুটিৰ হত্যা কৰা বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে।

এই ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে আলিগড়। অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহিবলৈ দাবী জনাইছে জিলাখনৰ ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in