২৩-২৪ জানুৱাৰীত বিহপুৰীয়াত অসম বিজ্ঞান সমিতিৰ ৫৩ সংখ্যক অধিৱেশন…

২৩-২৪ জানুৱাৰীত বিহপুৰীয়াত অসম বিজ্ঞান সমিতিৰ ৫৩ সংখ্যক অধিৱেশন…

ডিজিটেল সংবাদ,বিহপুৰীয়া : বিজ্ঞানৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰি জনগণৰ মাজত বিজ্ঞানমনস্কতা গঢ়ি তোলাৰ উদ্দেশ্যে ২৩  জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম বিজ্ঞান সমিতিৰ ৫৩ সংখ্যক অধিৱেশন খন বিহপুৰীয়াত অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে ৷

অসম বিজ্ঞান সমিতিৰ বিহপুৰীয়া শাখাৰ উদ্যোগত বিহপুৰীয়া কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ'ব লগা অধিৱেশনৰ প্ৰস্তুতিত বতৰে বিধিপথালি দিয়া স্বত্বেও থমকি ৰোৱা নাই আদৰণি সমিতি ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অধিৱেশনত সমবেত হ'ব লগা বিজ্ঞান সমিতিৰ বিষয়ববীয়া সকলক আদৰণি জনাবৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আদৰণি সমিতিয়ে ৷

উল্লেখযোগ্য যে সাম্প্ৰতিক বিৰাজ কৰা পৰিস্থিতিৰ বাবে এইবাৰৰ অধিৱেশনখনি "সংক্ষিপ্ত পূৰ্ণাংগ আৰু বৈশিষ্ট্যপূৰ্ণ" সূত্ৰৰ আধাৰত মুখামুখি আৰু ভাৰ্চুৱেল মাধ্যমৰ উপযুক্ত সংযোজনৰ দ্বাৰা সম্পন্ন হ'ব ৷
অধিৱেশনৰ কাৰ্যসূচী অনুসৰি ২৩ জানুৱাৰীৰ পুৱা ১০ বজাৰ পৰা ক্ৰমে বিহপুৰীয়া শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডম্বৰুধৰ নেওগৰ দ্বাৰা শ্বহীদ তৰ্পণ, বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অমূল্য কুমাৰ হাজৰিকাৰ দ্বাৰা গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন,অসম বিজ্ঞান সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য দিলীপ কাকতিৰ দ্বাৰা ডিম্বেশ্বৰ দত্ত সোঁৱৰণি তোৰণ উন্মোচন,মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° ঈশ্বৰ শৰ্মা ভৰালীৰ দ্বাৰা ড° হিৰণ্য চন্দ্ৰ ভূঞা সোঁৱৰণি মণ্ডপ উন্মোচন আৰু লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুসুম পাটগিৰিৰ দ্বাৰা অসম বিজ্ঞান সমিতিৰ ৫৩ সংখ্যক অধিৱেশনৰ স্মাৰক উন্মোচন কৰা হ'ব ৷

পুৱা ১১ বজাৰ পৰা বিশ্বনাথ জিলাৰ জিলা কৃষি বিষয়া বিজয় দত্তৰ সঞ্চালনাত অনুষ্ঠিত হ'ব লগা "জলবায়ু পৰিবৰ্তন বিৰোধী কৃষি" আৰু "জীৱ প্ৰযুক্তিবিজ্ঞান :প্ৰয়োগ আৰু সম্ভাৱনা" শীৰ্ষক জনপ্ৰিয় বিজ্ঞান বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰিব ক্ৰমে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ কৃষি বতৰ বিজ্ঞান বিভাগৰ অধ্যাপক ড° প্ৰশান্ত নেওগ আৰু  তেজপুৰ বিশ্ববিদ্যালয়ৰ আণৱিক জীৱবিজ্ঞান  আৰু জীৱপ্ৰযুক্তিবিদ্যা বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° পংকজ বৰাই ৷

সন্ধিয়া ৬ বজাৰ পৰা অসম বিজ্ঞান সমিতিৰ নাৰায়ণপুৰ শাখাৰ সহযোগত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হ'ব ৷ ২৪ জানুৱাৰীৰ পুৱা ৯ বজাত পতাকা উত্তোলন,৯.৩০ বজাত আদৰণি সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাৰ সভাপতিত্বত আদৰণি অনুষ্ঠান আৰু পুৱা ১০ বজাৰ পৰা মুকলি সভাখন অনুষ্ঠিত হ'ব ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়নবিদ্যা বিভাগৰ অধ্যাপক ড° ৰমেশ চন্দ্ৰ ডেকাই উদ্বোধন কৰিব লগা সভাখনত সভাপতিত্ব কৰিব অসম বিজ্ঞান সমিতিৰ সভাপতি ড° জয়ন্তী চুতীয়াই ৷

সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোলবিজ্ঞান বিভাগৰ অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীয়ে স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দিবাকৰ চন্দ্ৰ ডেকাই সন্মানীয় অতিথি,তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিকমল হাজৰিকাই বিশিষ্ট অতিথি আৰু আৰণ্যকৰ সাংগঠনিক সম্পাদক ড° পাৰ্থজ্যোতি দাসে নিমন্ত্ৰিত অতিথি হিচাবে অংশগ্ৰহণ কৰিব ৷ বিয়লি ১.৩০ বজাৰ পৰা আই চি টি একাডেমীৰ সহযোগত ভাৰ্চুৱেলি প্ৰতিনিধি সভাখন অনুষ্ঠিত হ'ব ৷ অধিৱেশনৰ সকলো কাৰ্যসূচীতে ৰাইজৰ সহায় সহযোগিতা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি দুলাল চন্দ্ৰ মহন্ত, সম্পাদক দ্বয় ত্ৰৈলোক্য নন্দন কাকতি,ধীৰেণ মহন্ত আৰু বিহপুৰীয়া শাখাৰ সভাপতি দুলাল বৰাই কামনা কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in