জলসংকটত ৰোধৰ বাবে চেন্নাইলৈ ৰাওনা পানী ভৰ্তি ৰে’ল, প্ৰতিদিনে ১০ মিলিয়ন লিটাৰ পানী কঢ়িওৱাৰ লক্ষ্য

জলসংকটত ৰোধৰ বাবে চেন্নাইলৈ ৰাওনা পানী ভৰ্তি ৰে’ল, প্ৰতিদিনে ১০ মিলিয়ন লিটাৰ পানী কঢ়িওৱাৰ লক্ষ্য

ডিজিটেল ডেস্কঃ এফালে বাৰিষাৰ ধাৰাসাৰ বৰষুণে দেশৰ কেইবাখনো চহৰত কৃত্ৰিম বানৰ সৃষ্টি কৰিছে আৰু আনফালে ক্ৰমাৎ বৃদ্ধি পাইছে চেন্নাইৰ জল সংকট। চহৰখনত সৃষ্টি হোৱা জলসংকট ৰোধ কৰাৰ চেষ্টা চলাই অৱশেষত প্ৰশাসনে ৰে'লেৰে চহৰখনলৈ পানী যোগানৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি শুকুৰবাৰে প্ৰথমখন পানীভৰ্তি ৰে'ল জলৰপেট ৰে'লৱে ষ্টেছনৰ পৰা চেন্নাইলৈ ৰাওনা হৈছে।

প্ৰথমখন ৰে'ল যোগে চেন্নাইলৈ ২.৫ মিলিয়ন লিটাৰ পানী কঢ়িওৱাৰ ব্যৱস্থা কৰা হৈছে। জানিব পৰা মতে, চেন্নাই মেট্ৰ' ৱাটাৰে ৰে'লযোগে প্ৰতিদিনে ১০ মিলিয়ন লিটাৰ পানী কঢ়িওৱাৰ লক্ষ্য লৈছে। ৰে'ল বিভাগৰ এগৰাকী বিষয়াই সদৰি কৰা মতে, পানী কঢ়িওৱাৰ বাবে ব্যৱহৃত ৰে'লসমূহৰ বহন ক্ষমতাৰ ওপৰত ভিত্তি কৰি এই পৰিমান বৃদ্ধি কৰা হ'ব পাৰে।

জানিব পৰা মতে, চেন্নাইৰ জলসমস্যা প্ৰতিৰোধ কৰাৰ বাবে তামিলনাডু চৰকাৰে ৬৫ কোটি টকা আবন্টন দিছে। আনফালে পানী ভৰ্তি এই ট্ৰেইনসমূহ চেন্নাইৰ বিলীৱক্কমত উপস্থিত হ'বলৈ কমেও ৫ ঘন্টা সময়ৰ প্ৰয়োজন হ'ব। উল্লেখ্য যে, চৰকাৰে পানী যোগানৰ বাবে গ্ৰহণ কৰা এই ব্যৱস্থাই চেন্নাইবাসীৰ পানীৰ সমস্যা সম্পূৰ্ণৰূপে দূৰ কৰিবলৈ সক্ষম নহ'লেও কিছু পৰিমাণে হ'লেও সকাহ দিবলৈ সক্ষম হ'ব। নীতি আয়োগে ঘোষণা কৰা অনুসৰি, চেন্নাই ভাৰতৰ তেনে ২১ খন চহৰৰ ভিতৰত অন্যতম, য'ত ২০২১ চনৰ ভিতৰত জল সংকটে তীব্ৰ ৰূপ ধাৰণ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in