বাছৰ ব্ৰেক ফেইল! তেলেংগানাত থিতাতে নিহত ৫২যাত্ৰী

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ তেলেংগানাৰ জগতিয়াল জিলাত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ বাছ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বাছখন পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰাত অতি কমেও ৫২জন লোক নিহত হোৱাৰ লগতে আহত হয় আন ৮ জন যাত্ৰী।

প্ৰায় ৬০ জন যাত্ৰী কঢ়িয়াই কোন্দাগাট্টুৰ পৰা জগতিয়াল অভিমুখে গৈ আছিল বাছখন। বাছখনৰ অধিকাংশ যাত্ৰীয়ে কোন্দাগাট্টুৰ আঞ্জানেয়া স্বামী মন্দিৰ দৰ্শন কৰি ঘৰলৈ ওভতিছিল বুলি জানিব পৰা গৈছে।

সোমবাৰে নিশা মন্দিৰটোত পূজা-অৰ্চনা কৰাৰ অন্তত আজি পুৱাৰ ভাগত বাছখনত উঠিছিল যাত্ৰীসকল। যাত্ৰা আৰম্ভ কৰাৰ কিছুসময় পাছতে এইদৰে দুৰ্ঘটনাত পতিত হয় বাছখন।

এঢলীয়া পথটোত ওপৰৰ পৰা তললৈ নমাৰ সময়তে ব্ৰেক ফেইল হৈ বাছখন দুৰ্ঘটনাত পতিত হয় বুলি জনাইছে প্ৰত্যক্ষদৰ্শীসকলে। দুৰ্ঘটনাটোৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় উপায়ুক্ত আৰু জিলা প্ৰশাসনৰ আন কেবাগৰাকী শীৰ্ষ বিষয়া।

উদ্ধাৰকাৰী দলৰ সৈতে স্থানীয় লোকসকলেও উদ্ধাৰ অভিযানত নামি আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। নিহতসকলৰ মাজত ৬টি শিশু আছে বুলি জনাইছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in