মধ্যপ্ৰদেশত প্ৰতিদিনে বৃদ্ধি পাইছে বাঘৰ মৃত্যু ঘটনা…

মধ্যপ্ৰদেশত প্ৰতিদিনে বৃদ্ধি পাইছে বাঘৰ মৃত্যু ঘটনা…

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশত একেৰাহে বাঘৰ মৃত্যু হৈ থকা ঘটনা বৃদ্ধি পাইছে। ৰাজ্যখনৰ টাইগাৰ ষ্টেটত এই ভয়াৱহতা দিনে প্ৰতি বৃদ্ধি পাইছে। মঙলবাৰে ৰাজ্যখনৰ বনমন্ত্ৰী বিজয় শ্বাহে হঠাতে বান্ধবগঢ়ত উপস্থিত হয় আৰু এই বিষয়টোৰ সম্পৰ্ক খেদ প্ৰকাশ কৰি এখন বৈঠকত মিলিত হয়।

মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও এই বিষয়ত বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। যাতে ইয়াৰ কাৰণ সম্পৰ্কে তেওঁলোকে সঠিক তথ্য লাভ কৰিব পাৰে।

উল্লেখ্য যে, মধ্যপ্ৰদেশ টাইগাৰ ষ্টেটৰ পৰিৱেশ যথেষ্ট ভয়াৱহ। বিগত মাহত বাধবগঢ় টাইগাৰ ৰিজাৰ্ভত ৩টা বয়স্ক বাঘৰ সৈতে ৫ টা বাঘৰ মৃত্যু হয়। সমগ্ৰ ৰাজ্যত ১১ মাহত প্ৰায় ৯ টা বাঘৰ মৃত্যু হৈছিল এই ব্যাঘ্ৰ প্ৰকল্পটোত। সমগ্ৰ ৰাজ্যখনত ১১ মাহত ২৫ টা বাঘৰ মৃত্যু হয়। এই সামগ্ৰিক ঘটনাটোত কাষৰীয় গাওঁ কেইখনত চোৰাং চিকাৰীৰ উপস্থিতিও সন্দেহ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in