৫ বিধানসভা নিৰ্বাচনৰ UPDATES

৫ বিধানসভা নিৰ্বাচনৰ UPDATES

পুৱা ৮.৫৬ বজাতঃ ৰাজস্থানত বসুন্ধৰা ৰাজেৰ অগ্ৰগতি। ঝলৰাপটনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে বসুন্ধৰা ৰাজে।

পুৱা ৮.৫২ বজাতঃ ৰাজস্থানৰ জবলপুৰত এটা ই ভি এম বিকল।

পুৱা ৮.৪৫ বজাতঃ মিজোৰাম- মুঠ আসন ৪০। কংগ্ৰেছ আগবাঢ়ি আছে এখন আসনত আৰু অন্যান্য আগবাঢ়ি আছে এখন আসনত।

পুৱা ৮.৪০ বজাতঃ মধ্যপ্ৰদেশ- মুঠ আসন ২৩০। কংগ্ৰেছ আগবাঢ়ি আছে ৪৩খন আসনত। বিজেপি আগবাঢ়ি আছে ৩৯খন আসনত।

পুৱা ৮.৩৬ বজাতঃ ছত্তীশগড়- মুঠ আসন ৯০। বিজেপি আগবাঢ়ি আছে ২২খন আসনত। কংগ্ৰেছ আগবাঢ়ি আছে ২৬খন আসনত আৰু অন্যান্য ৪খন আসনত আগবাঢ়ি আছে।

পুৱা ৮.৩২ বজাতঃ ৰাজস্থান- মুঠ নিৰ্বাচন অনুষ্ঠিত হোৱা আসন ১৯৯। কংগ্ৰেছ আগবাঢ়ি আছে ৫৭খন আসনত। বিজেপি আগবাঢ়ি আছে ৩৪ আসনত। অন্যান্য আগবাঢ়ি আছে দুখন আসনত।

তেলেংগানাতো ভোটগণনা আৰম্ভ। কংগ্ৰেছৰ দুখন আসনত অগ্ৰগতি।

পুৱা ৮.২৫ বজাতঃ মিজোৰামত ৪০খন আসনৰ এখনত কংগ্ৰেছৰ অগ্ৰগতি।

পুৱা ৮.১০ বজাতঃ ৰাজস্থানত ২ আসনত কংগ্ৰেছৰ অগ্ৰগতি।

পুৱা ৮ বজাতঃ ভোটগণনাৰ কাম আৰম্ভ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in