৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনঃ ৫-০ত আগবাঢ়ি আছে কংগ্ৰেছ

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনঃ ৫-০ত আগবাঢ়ি আছে কংগ্ৰেছ
  • ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা কংগ্ৰেছৰ অগ্ৰগতি।
  • ৫খন ৰাজ্যতে আগবাঢ়ি আছে কংগ্ৰেছ।
  • এতিয়ালৈকে এখনো আসনৰ ফলাফল ঘোষণা কৰা হোৱা নাই।
  • ২৩০জনীয়া মধ্যপ্ৰদেশ বিধানসভাত ৬২খন আসনত আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰাৰ্থী।
  • ইয়াৰ বিপৰীতে ৫৬আসনত অগ্ৰগতি বিজেপি প্ৰাৰ্থীৰ।
  • তেলেংগানাত ভোটগণনা হৈ আছে ১১৯খন আসনৰ বাবে।
  • তেলেংগানাতো কংগ্ৰেছৰ ৩৫জন প্ৰাৰ্থীৰ অগ্ৰগতি।
  • মাত্ৰ ৪খন আসনতহে আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী।
  • ৰাজস্থানত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা ১৯৯খন আসনৰ ৭৭খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ।
  • বিজেপি আগবাঢ়ি আছে মাত্ৰ ৫৫খন আসনত।
  • বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা ছত্তীশগড়ৰ ৯০খন আসনৰ ভিতৰত ৩৩খনত অগ্ৰগতি কংগ্ৰেছ আৰু ২৮খন আসনত আগবাঢ়ি আছে বিজেপি।
  • মুহূৰ্তই মুহূৰ্তই সলনি হৈছে নিৰ্বাচনৰ ভোটগণনাৰ ৰেহৰূপ।
  • এই মুহূৰ্তলৈকে কিন্তু পাঁচোখন ৰাজ্যতে আগবাঢ়ি আছে কংগ্ৰেছ।
  • মিজোৰামত ৫খন আসনত কংগ্ৰেছৰ প্ৰাৰ্থীৰ অগ্ৰগতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in