পলকতে কোৰানা বিষয়ক ৫খবৰ…

পলকতে কোৰানা বিষয়ক ৫খবৰ…

১. বাংগালুৰুত ৬১বছৰীয়া এগৰাকী কোভিড ৰোগীৰ আত্মহত্যা। হাস্পতালৰ কোঠাতে আত্মহত্যা কৰে ৰোগীগৰাকীয়ে। বিজয় নগৰ হাস্পতালত সংঘটিত হৈছে এই ঘটনা।

২. কোৰোনাকেন্দ্ৰিক পৰিস্থিতিক লৈ চিন্তিত উৰিষ্যা চৰকাৰ। শনিবাৰে পুৱাৰে পৰা ৰাজ্যখনৰ চহৰাঞ্চলত জাৰি কৰা হৈছে লকডাউন। আজিৰে পৰা সোমবাৰে পুৱা ৫বজালৈকে এই লকডাউন।

৩. পতঞ্জলিত এজনো লোক কোৰোনাত আক্ৰান্ত হোৱা নাই। এই মন্তব্য কৰিলে ৰামদেৱে। দৰাচলতে বিভিন্ন মাধ্যমত প্ৰকাশ পাইছিল যে, পতঞ্জলিৰ ৮৩গৰাকীকৈ লোক কোৰোনাত আক্ৰান্ত হৈছে। ৰামদেৱে এই খবৰ নস্যাত কৰি কয় যে, এয়া এক ভুৱা প্ৰচাৰ।

৪. কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে মধ্যপ্ৰদেশৰ এগৰাকী কংগ্ৰেছ বিধায়িকা। কালাৱতী ভুৰীয়া নামৰ কংগ্ৰেছ নেত্ৰী গৰাকী বহুদিনৰে পৰা হাস্পতালত ভৰ্তি হৈ আছিল আৰু শুকুৰবাৰে নিশা মৃত্যু হয়।

৫. অক্সিজেনৰ ভয়ংকৰ নাটনি দিল্লীত। দিল্লীৰ মুলচন্দ হাস্পতালত মাত্ৰ ২ঘন্টাৰ অক্সিজেনহে থকাৰ কথা সদৰি কৰিলে কৰ্তৃপক্ষই। অচিৰেই অক্সিজেন যোগানৰ আহ্বান কৰিলে চিকিতসালয়খনৰ কৰ্তৃপক্ষই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in