শেহতীয়া খবৰ
মুম্বাইত উজ্বলিল অসম সন্তান ভাৰ্গৱ...  •  উলুবাৰীত দ্ৰুতবেগী ট্ৰাকে মহটিয়ালে আই আই টিৰ দুজন ছাত্ৰক  •  চামগুৰিত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী বাঘ  •  আজি উত্তৰ প্ৰদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  •  আজি ঘোষণা ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী  •  লাহৰীঘাটত চোৰাং গঁড় চিকাৰীক আটক  •  কালাতলীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী

ন্যায়ালয়ৰ সমুখতে মহিলাক টাৰ্গেট দুৰ্বৃত্তৰ, লুটি নিলে ৫ লাখ

403

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ নিৰাপত্তা ব্যৱস্থাক পুনৰ বুঢ়া আঙুলি দেখুৱালে ডকাইতে। উচ্চ ন্যায়ালয়ৰ সমীপতে এইবাৰ বেংকৰ পৰা টকা লৈ অহা মহিলাক টাৰ্গেট কৰি ললে দুৰ্বৃত্তই।

বুধবাৰে এগৰাকী মহিলাই উজান বজাৰৰ অসম গ্ৰামীণ বিকাশ বেংকৰ পৰা উলিয়াই অনা ৫ লাখ টকা লৈ উধাও হয় পালছাৰ বাইকত অহা দুই দুৰ্বৃত্ত। হাজোৰ বৰচাপৰিৰ লীনা কলিতা নামৰ এগৰাকী মহিলাৰ পৰা এই টকা লৈ উধাও হয় দুৰ্বৃত্ত।

উল্লেখ্য যে, এম এছ টি গোচৰত মহিলাগৰাকীয়ে লাভ কৰিছিল ৫ লাখ টকা। হাজোৰ মহিলাগৰাকীয়ে টকাখিনি লৈ আহোঁতে এই ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত ইতিমধ্যে মহিলাগৰাকীয়ে পাণবজাৰ আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি