মঙলবাৰে শিৱসাগৰ জিলা বন্ধ…

মঙলবাৰে শিৱসাগৰ জিলা বন্ধ…

ডিজিটেল সংবাদ, শিৱসাগৰঃ ৩০ জানুৱাৰীত শিৱসাগৰৰ মাৰোৱাৰী পট্টীৰ আশাৰাম বাগৰী নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত চিলাৰায় দিৱসৰ বাবে বৰঙণি বিচাৰি যোৱা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সদস্যক শাৰিৰীক ভাৱে প্ৰহাৰ কৰাৰ লগতে অসমীয়া জাতিক লৈ অপমান সুচক মন্তব্য কৰাৰ ঘটনাক লৈ আজিও তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈ আছে শিৱসাগৰত।

ঘটনাৰ দিনাই সকলো জাতীয় দল সংগঠনৰ তীব্ৰ প্ৰতিবাদত আশাৰাম বাগৰীৰ স্বত্বাধিকাৰীক আটক কৰে যদিও জামিনত মুক্তি লাভ কৰে। পৰৱৰ্তী সময়ত শিৱসাগৰৰ বহুকেইটা জাতীয় সংগঠনে আশাৰাম বাগৰী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী পৱন বাগৰীক দেওবাৰে দ'লমুখ চাৰিআলিত ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ পত্ৰ প্ৰেৰণ কৰে। ঘটনাৰ সন্দৰ্ভত বাগৰীয়ে শিৱসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

দেওবাৰে দিনত সকলো জাতীয় সংগঠনৰ সদস্য দ'লমুখ চাৰিআলিত উপস্থিত থকাৰ সময়তেই শিৱসাগৰ আৰক্ষীয়ে সোধপোচৰ বাবে বীৰ লাচিত সেনাৰ শৃংখল চলিহা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বিষ্ণু শইকীয়া, আমছুৰ ইউনিচ তামুলী আৰু ঐক্য সেনাৰ মুনু আহমেদক থানালৈ লৈ আনে। এই চাৰি নেতাক আটক কৰাৰ লগে লগেই পুনৰ উত্তপ্ত পৰে শিৱসাগৰ চহৰ।বিভিন্ন দল সংগঠনৰ কেইবা শতাধিক সদস্য ৰাজ পথলা ওলাই আহি নগৰৰ সকলো দোকান পোহাৰ বন্ধ কৰি দিয়ে।

সন্ধিয়ালৈ সকলো দল সংগঠনৰ নেতা কৰ্মীৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তিয়ে বিশেষভাৱে উদ্যোগ লৈ দুয়ো পক্ষৰ মাজত মীমাংশা কৰে। কিন্তু জাতীয় সংগঠনৰ নেতা সকলে পৱন বাগৰীক থীনাৰ ভিতৰতে ৰাজহুৱা ভাৱে ক্ষমা খোজোৱাই আৰু বাগৰীয়েও ৰাজহুৱাভাৱে ক্ষমা খোজে। কিন্তু এই সমস্ত ঘটনা চচিয়েল মিডিয়াত লাইভ কৰাৰ লগতে বহুকেইটা ভিডিঅ চচিয়েল মিডিয়াত আপলোড কৰে। ঘটনাৰ ভিডিঅ চচিয়েল মিডিয়াত বিয়পি পৰাত আজি শিৱসাগৰ জিলা আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি শৃংখল চলিহা, চিতু , ইউনিচ তামুলীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে।

আদালতত হাজিৰ কৰা সময়ত বহুকেইটা জাতীয় সংগঠনৰ নেতা কৰ্মীয়ে আদালতৰ চৌহদত তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে অদ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে। আদালতে তিনিওজন নেতাক কাৰাগাৰলৈ প্ৰেৰণ কৰে। নেতা তিনিজনক কাৰাগাৰলৈ প্ৰেৰণ কৰাত পৰিস্থিতি এতিয়াও উতপ্ত হৈ আছে শিৱসাগৰ নগৰত। সতীৰ্থক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা কাৰ্য্যৰ প্ৰতিবাদত বীৰ লাচিত সেনাৰ নেতা কৰ্মীয়ে দ'লমুখ চাৰি আলিৰ ৰাজপথত অৱস্থান কৰে। উল্লেখ্য যে মঙলবাৰে এই ঘটনাৰ প্ৰতিবাদত ১২ ঘন্টীয়া শিৱসাগৰ বন্ধৰ আহ্বান বীৰ লাচিত সেনাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in