শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

৫ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৩৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা…

ডিজিটেল ডেস্কঃ আগন্তুক অসম বিধানসভাৰ ৫ সমষ্টিৰ উপ নিৰ্বাচনত মনোনয়ন দাখিল কৰা ৩৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে। উল্লেখযোগ্য যে, ৫টা সমষ্টিত অনুষ্ঠিত হ’ব লগা এই উপ নিৰ্বাচনৰ বাবে অহা ১৬ অক্টোবৰলৈকে কোনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা সময় আছে। ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব এই ৫ সমষ্টিত ভোটগ্ৰহণ।

মনোনয়ন পত্ৰ বৈধ ঘোষণা হোৱা এই ৫ টা সমষ্টিৰ প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ ৩জন প্ৰাৰ্থীৰ ৩টা সমষ্টিত মনোনয়ন বৈধ বিবেচিত হৈছে। ৫টা সমষ্টিতে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু দলটোৰ আটাইকেইজন প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা হৈছে। চিপিআই-য়ে এজন এআইইউডিএফৰ দুজন, ইউপিপিএলৰ দুজন, বিপিএফৰ এজন, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনলৰ তিনিজন, নেশ্যনেল ৰুট মেপ পাৰ্টীৰ এজন, অসম সংগ্ৰামী মঞ্চৰ এজন, গণ সুৰক্ষা পাৰ্টীৰ দুজন আৰু নিৰ্দলীয় ১৮জন প্ৰাৰ্থীয়ে এই ৫টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব।