ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন…

ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন…

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজিৰ জ্যেষ্ঠ অধিবক্তা ফটিক চন্দ্ৰ বৰুৱাৰ কাব্য সংকলন উন্মোচনৰ উপলক্ষে
উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান "সাহ'ৰ উদ্যোগত দেওবাৰে বিয়লি প্ৰায় ৩ বজাত ধেমাজি বক্তিগত বি. চি .বি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত এখনি উন্মোচনী সভা অনুষ্ঠিত হ'য় ৷ উন্মোচনী সভাৰ আৰম্ভণিতে কনচেপ্ট শিক্ষা প্ৰতিষ্ঠান, তিতাবৰৰ গাইডেন্স কাউন্সিলৰ নৱাব মুস্তাফা আহমেদে আঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে "সাহ"ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক তথা কনচেপ্ট শিক্ষা প্ৰতিষ্ঠান তিতাবৰৰ উপ-সঞ্চালক প্ৰণৱ কুমাৰ ভূঞাই৷

ধেমাজি জিলা উকীল সন্হাৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ অধিবক্তা কেশৱ সোণোৱালে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ বৰুৱা, জ্যেষ্ঠ চিকিৎসক ডাঃ পৰমানন্দ দেউৰী, বি চি কেয়াৰ চিকিৎসালয়ৰ স্বতাধিকাৰ ডাঃ পূৰ্ণকান্ত বৰুৱা, "সাহ "ৰ সঞ্চালিকা তথা বিশিষ্ট চিকিৎসক ডাঃ হিৰন্য বৰা বৰুৱা, ডাঃ আশীষ বৰুৱা, ধেমাজি পৰিয়াল পৰাৰ্মশদাতা কেন্দ্ৰৰ অধ্যক্ষা তথা সমাজ সেৱিকা নিৰমা বৰুৱা, ধেমাজি মাদাৰ্চ প্ৰাইড কেন্দ্ৰীয় বিদ্যালয়ৰ পৰিচালন সঞ্চালক বিজয় দাস, ধেমাজি উচ্চতৰ মাধ্যামিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী গীতাৰণী বৰা বৰুৱা, ধেমাজি উকীল সন্হাৰ অধিবক্তা গোপীনাথ সন্দিকৈ, চিচিবৰগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক উত্তম কুমাৰ চুতীয়া, ছাত্ৰনেতা সুভাষ বুঢ়াগোহাঁই, ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, সাংবাদিক জয়ন্ত বৰাকে প্ৰমুখ্যে কৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

উন্মোচনী সভাত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ বৰুৱাই লিখিক অধিবক্তা ফটিক চন্দ্ৰ বৰুৱাৰ সম্পৰ্কে উল্লেখ কৰি কয় যে, জীৱনৰ সৰহসংখ্যক সময়েই আদালতত থাকি উকালতি কৰা এনে ব্যস্ততাৰ মাজতো এনে সাহিত্যচৰ্চা জীয়াই ৰখাটো শলাগ লয় ৷ সভাত জ্যেষ্ঠ অধিবক্তা ফটিক চন্দ্ৰ বৰুৱাই লিখি উলিওৱা ৫খন কাব্য সংকলন ক্ৰমে সময় দু:সময় মধুময়, সেউজীয়া পৃথিৱীৰ সন্ধানত, শেষ প্ৰশ্নৰ উত্তৰ নাপালোঁ, পৃথিৱী আমাৰ হ'ব আৰু আত্মানুসন্ধানৰ অনুভৱ যুটীয়াভাৱে উন্মোচন কৰে ক্ৰমে অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা শিক্ষাবিদ ড° বুদ্ধিন্দ্ৰ বৰুৱা, "সাহ"ৰ সঞ্চালিকা তথা বিশিষ্ট চিকিৎসক ডাঃ হিৰণ্য বৰা বৰুৱা চিকিৎসক ডাঃ পূৰ্ণকান্ত বৰুৱা, জ্যেষ্ঠ চিকিৎসক ডাঃ পৰামনন্দ দেউৰী আৰু "সাহ " ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক প্ৰনৱ কুমাৰ ভূঞাঁ আৰু বিশিষ্ট সমাজসেৱীকা নিৰমা বৰুৱাই ৷

ইয়াৰ আগে লিখক অধিবক্তা ফটিক চন্দ্ৰ বৰুৱাই নিজৰ অনুভৱ ব্যক্ত কৰে। উন্মোচনী সভাৰ অন্তত "সাহ" ৰ সঞ্চালিকা ডাঃ হিৰণ্য বৰা বৰুৱাই শলাগৰ শৰাই আগবঢ়াই ৷ উন্মোচনী সভাত অঞ্চলটোৰ সাহিত্যনুৰাগী বক্তিসকলে অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in