শালবাৰীত এবছুৱে ৫ তীৰ এজেণ্টক আটক কৰি গতালে আৰক্ষীক

শালবাৰীত এবছুৱে ৫ তীৰ এজেণ্টক আটক কৰি গতালে আৰক্ষীক

ডিজিটেল সংবাদ, শালবাৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ চুকে-কোণে গঢ় লৈ উঠা তীৰ খেলৰ ৰমৰমীয়া বেহাই ভিন্ন স্তৰৰ সচেতন ৰাইজক হতভম্ব কৰি তুলিছে৷

তাৰ মাজতে আজি শালবাৰী জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ বহুকেইজন কৰ্মীয়ে মহকুমাটোৰ সদৰ শালবাৰীৰ পৰা নগদ ধন, তীৰ খেলৰ নথি-পত্ৰসহ পাঁচটাকৈ তীৰৰ এজেণ্ট আটক কৰি শালবাৰী আৰক্ষী থানাত গতাই দিয়ে৷

আটকাধীন তীৰ খেলৰ এজেণ্ট কেইটা হ'ল-শালবাৰী শিমলাগুৰিৰ বাবুল বসুমতাৰী(৪০), শালবাৰীৰ ৰাম প্ৰকাশ বড়ো(২৩), শালবাৰী উধিয়াগুৰিৰ জিতু দৈমাৰী(১৮), শালবাৰীৰ অজয় বড়ো(১৯) আৰু শালবাৰী উধিয়াগুৰিৰ দিগন্ত বড়ো(২৩)৷ সম্প্ৰতি শালবাৰী আৰক্ষীৰ জিম্মাত আছে আটকাধীন তীৰ এজেণ্ট কেইটা৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in