ৰাধিকা মোহন ভাগৱতীৰ মৃত্যু তিথিত আক্ষেপ! তেওঁৰ ‘বিজ্ঞান গাওঁ’ৰ সপোন আজিও পূৰণ নহ’ল…

ৰাধিকা মোহন ভাগৱতীৰ মৃত্যু তিথিত আক্ষেপ!  তেওঁৰ ‘বিজ্ঞান গাওঁ’ৰ সপোন আজিও পূৰণ নহ’ল…

ডিজিটেল ডেস্কঃ বিশিষ্ট সাংবাদিক, সম্পাদক তথা সাহিত্যিক ৰাধিকা মোহন ভাগৱতীৰ বৃহস্পতিবাৰে চতুৰ্থ সংখ্যক মৃত্যু তিথি। ১৯৩৩ চনৰ ১৯ জানুৱাৰীত জন্মগ্ৰহণ কৰা প্ৰয়াত ভাগৱতীয়ে জীৱন কালত অসমৰ সংবাদ জগতৰ লগতে জাতীয় জীৱনলৈ আগবঢ়াই থৈ গৈছে অলেখ অৱদান।

প্ৰথমে ৰামধেনুৰ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰি প্ৰয়াত ভাগৱতীয়ে পৰৱৰ্তী সময়ত আজিৰ অসম, আমাৰ অসম, দৈনিক অসম আদি কাকতৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল। সংবাদ ক্ষেত্ৰখনত নিজৰ কৰ্মৰাজীয়ে এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা প্ৰয়াত ভাগৱতী ১৯৯১ চনত লাভ কৰিছিল সাহিত্য একাডেমীৰ বঁটা।

সংবাদ ৰত্ন ৰাধিকা মোহন ভাগৱতীক কাব্যঋষি নীলমণি ফুকনে অন্তিম শ্ৰদ্ধা জনোৱাৰ দৃশ্য.,..

১৯৯১ চনত অনুবাদ সাহিত্যৰ বাবে ৰাধিকা মোহন ভাগৱতীয়ে লাভ কৰিছিল সাহিত্য একাডেমিৰ অনুবাদ বঁটা। বেনাৰস হিন্দু বিশ্ব বিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা প্ৰয়াত ভাগৱতীয়ে অংশগ্ৰহণ কৰিছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামতো। জামুগুৰিহাটৰ বিখ্যাত বাৰে চহৰীয়া ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে লৈছিল পদক্ষেপ।

ইয়াৰোপৰি জীৱিত কালত অসমৰ সমাজ জীৱনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰা ভাগৱতী আছিল বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী। তেওঁ জামুগুৰিৰ গ্ৰাম্যাঞ্চলত ছাইন্স ভিলেজ নিৰ্মাণৰ বাবে তদানীন্তন শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰস্তাৱ আগবঢ়াইছিল।অৱশ্যে সেই প্ৰস্তাৱ এতিয়াও কাৰ্যকৰী কৰা হোৱা নাই।

প্ৰয়াত সংবাদ ৰত্নগৰাকীৰ এই সপোনৰ প্ৰকল্প হৈ নুঠাত এতিয়া আক্ষেপ প্ৰকাশ কৰিছে সচেতন মহলে। তেতিয়াৰ শিক্ষা মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰয়াত ভাগৱতীৰ সেই ছায়েন্স ভিলেজৰ সপোন পূৰণ কৰাৰ বাবেও বিভিন্ন মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে সচেতন ৰাইজে। অসমৰ সংবাদ জগতৰ মহীৰূহ স্বৰূপ এইগৰাকী প্ৰয়াত সাংবাদিকৰ মৃত্যু তিথিত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিলো।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in