বিশ্বনাথ-গহপুৰত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত অৰুণাচলৰ ঠিকাদাৰ প্ৰতিষ্ঠানৰ ২০০০ কোটি লুণ্ঠন

বিশ্বনাথ-গহপুৰত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত অৰুণাচলৰ ঠিকাদাৰ প্ৰতিষ্ঠানৰ ২০০০ কোটি লুণ্ঠন

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ নামত চলিছে ব্যাপক অনিয়ম। ১০৩ কিলোমিটাৰ পথ নিৰ্মাণৰ নামত প্ৰায় ২০০০ কোটি টকা লুণ্ঠনৰ নামত নামিছে টি কে কনচট'ৰিয়াম। নিৰ্মাণ চলি থাকোতেই গহপুৰ বিশ্বনাথত বখলা বখলে এৰিছে চাৰিলেন যুক্ত ঘাইপথ। এই লুণ্ঠনৰ ভাগ পোৱা এন এইচ আই ডি চি এল আৰু এন এইচ এ আইৰ বিষয়াই ব্যৱস্থা লোৱাৰ সলনি টি কে কনচট'ৰিয়ামক সুৰক্ষা দিয়াৰহে অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ এক বিশেষ প্ৰতিবেদন।

কিছুদিন আগলৈকে অৰুণাচলৰ গড়কাপ্টানি বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰাথু তাচী আছিল ১ লাখ টকা দৰমহা পোৱা চাকৰীয়াল মাত্ৰ। কিন্তু অৰুণাচল চৰকাৰৰ লগতে অসম আৰু দিল্লী চৰকাৰৰ পৃষ্ঠপোষকতাত হঠাতে এই অভিযন্তাই পত্নীৰ নামত গঢ়ি তোলা মেছাৰ্ছ টি কে কনচট'ৰিয়াম প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ জৰিয়তে হাজাৰ কোটি টকীয়া নিৰ্মাণ প্ৰতিষ্ঠানৰ মালিকত পৰিণত হ'ল।

এই নিৰ্মাণ প্ৰতিষ্ঠানৰ হাতোৰাত বন্দী হৈ দিল্লী-দিছপুৰৰ চৰকাৰে অসমত চাৰিলেনযুক্ত ঘাইপথৰ লগতে মাজুলীৰ সুৰক্ষাৰ বাবদ ব্ৰহ্মপুত্ৰ বৰ্ডৰ জৰিয়তে আগবঢ়োৱা ২হাজাৰৰো অধিক কোটি টকাৰ ঠিকা লাভ কৰাৰ পাছত মাজুলীবাসীৰ লগতে উত্তৰ পাৰৰ ৰাইজে বিগত ৩ বছৰত টি কে ই আৰু সহযোগী প্ৰতিষ্ঠান ৰেমকিৰ লুটপাতৰ ফলত জীয়াতু ভুগিব লগা হৈছে।

বিশেষকৈ নগাঁও বাইপাছৰ পৰা ৰঙাগড়ালৈ ১৮.৪ কিঃমিঃ পথৰ নিৰ্মাণৰ বাবে লাভ কৰা ২৫১.৬৩ কোটি, জামুগুৰিৰ পৰা বিশ্বনাথ চাৰিআলিলৈ ২৬ কিঃমিঃ পথৰ নিৰ্মাণৰ বাবে লাভ কৰা ৫২০.০১ কোটি টকা আৰু বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ ৫৭.৫ কিঃমিঃ পথৰ বাবে লাভ কৰা ১৩০৭.৫ কোটি টকাৰ এই বিশাল ঠিকাৰ নামত বিগত ৪ বছৰত অবাধ লুটপাত চলাইছে।

উল্লেখযোগ্য যে, বিশ্বনাথ-গহপুৰ পথচোৱা নিৰ্মাণৰ বাবে ৰেমকি আৰু টি কে ই-য়ে মিলি ২০১৫চনৰ ৩০ মাৰ্চত লাভ কৰিছিল ১৩০৭ কোটি টকীয়া এই ঠিকা। একেদৰে ২০১৬চনৰ ২০ অক্টোবৰ আৰু একেবৰ্ষৰে ২৩ মে' তাৰিখে ক্ৰমে- জামুগুৰিৰ পৰা বিশ্বনাথ চাৰিআলিলৈ ৫২০.০১ কোটি টকা আৰু নগাঁও বাইপাছৰ পৰা ৰঙাগৰালৈ ১৮.৪ কোটি টকীয়া ঠিকা টি কে ই কনচট'ৰিয়ামে লাভ কৰিছিল।

উক্ত ঠিকাদাৰ প্ৰতিষ্ঠান কেইটাৰ কাম-কাজ চোৱাৰ দায়িত্বত আছিল নেশ্যনেল হাইৱে এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ্তমেন্ট কৰ্পৰেশ্যন লিমিটেড নামৰ কেন্দ্ৰীয় চৰকাৰৰ সংস্থাটোৰ তেজপুৰস্থিত আঞ্চলিক কাৰ্যালয়। আশ্চৰ্যজনক কথাটো হ'ল- এই প্ৰতিষ্ঠানটোৱে কাম-কাজৰ নিজে তদাৰক কৰাৰ পৰিৱৰ্তে ষ্টাপ ইঞ্জিনিয়াৰিং নামৰ এটা ব্যক্তিগত কোম্পানীক কাম-কাজ চোৱাচিতা কৰিবলৈ এৰি দি ইয়াৰ বিষয়াবৰ্গ গুৱাহাটী বা দিল্লীত থাকিয়েই দায়িত্ব সামৰে।

যাৰ ফল স্বৰূপে ১০৩ কিঃমিঃ মাত্ৰ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে ২হাজাৰ কোটি টকা আদায় দিয়াৰ পিছতো যোৱা চাৰি বছৰত এই পথ নিৰ্মাণৰ নামত প্ৰতিষ্ঠানটোৱে নিৰীক্ষণকাৰী সংস্থা তথা এন এইচ আই ডি চি এলৰ শীৰ্ষ বিষয়াবৰ্গৰে মিলি নামমাত্ৰ কাম কৰিয়েই কেন্দ্ৰীয় পুঁজি আত্মসাৎ কৰাৰ অভিযানত নামি পৰে। নিৰ্মাণৰ চৰ্ত অনুযায়ী পূৰ্বৰ পথটোৰ আলকাটৰা আৰু শিল সম্পূৰ্ণৰূপে উঠাই পেলোৱাৰ লগতে ২লেনযুক্ত পূৰ্বৰ পথৰ দুয়োপাৰে মাটি-বাৰী সম্পূৰ্ণ উঠোৱাৰ পাছত নতুনকৈ ৰঙা আৰু কাঠমাটি পেলোৱাৰ উপৰিও ষ্টন ক্ৰাচাৰত ভঙা কঠিন শিল কেইবা তৰপো পেলোৱাৰ পাছত বিভাগীয় নীতি-নিৰ্দেশনা অনুযায়ী ডব্লিউ এম এমৰ কাম কৰিব লাগে।

কিন্তু ৰাজনৈতিক পৃষ্ঠপোষকতাই নহয়, কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট সংস্থাটোৰ বিশেষ পৃষ্ঠপোষকতাও লাভ কৰা এই প্ৰতিষ্ঠানটোৱে টি কে কনচট'ৰিয়াম আৰু ৰেমকিয়ে আৰম্ভণিৰ পৰাই এনে নীতি-নিৰ্দেশনা চূড়ান্তভাৱে অমান্য কৰি গ্ৰামোন্নয়ন বিভাগৰ পুঁজিৰে নিৰ্মিত পথৰ দৰে নিৰ্মাণ কাৰ্য চলোৱাৰ ফলতেই আৰম্ভণিৰপৰাই এয়া বখলা-বখলে এৰিবলৈ আৰম্ভ কৰিছিল।২০১৭চনৰ ২২ নবেম্বৰৰ সংখ্যাত পিতনীও চফা নকৰাকৈ টি কে ই কনচট'ৰিয়ামৰ আৰু ৰেমকিয়ে চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ নামত চলোৱা প্ৰহসন সন্দৰ্ভত অসমীয়া প্ৰতিদিনত প্ৰথমবাৰলৈ তথ্যপাতি সম্বলিত প্ৰতিবেদন প্ৰকাশ পাইছিল।

তেতিয়াৰ পৰা বিভিন্ন সময়ত উক্ত প্ৰতিষ্ঠান দুটাই চলোৱা লুটপাতৰ সমূহ তথ্য সাদিন-প্ৰতিদিন গোষ্ঠীয়ে প্ৰকাশ কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ ব্যাপক অনিয়ম আৰু নিৰ্মাণৰ লেহেমীয়া গতিৰ ফলত ৰাইজে ভোগ কৰা অবৰ্ণনীয় যান্ত্ৰনাৰ সন্দৰ্ভত এন এইচ আই ডি চি এললৈ পত্ৰও প্ৰেৰণ কৰা হৈছিল যদিও, কেন্দ্ৰীয় সংস্থাটোৱে ইয়াৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।

আনকি, ৩ বছৰত কাম সম্পূৰ্ণ কৰিবলগীয়া ১০০ কিঃমিঃ মাত্ৰ ৰাস্তাৰ ২০ শতাংশ মাত্ৰ কাম কৰিয়েই বৃহৎ পুঁজি সৰকাই নিয়া সংস্থাটোক কেন্দ্ৰীয় পথ পৰিবহণ দপ্তৰৰ নিৰ্দেশ মৰ্মে ব্লেক লিষ্টেড কৰাৰ প্ৰস্তুতি চলায়ো ৰাইজে মাটি নিদিয়া, কাম বন্ধ কৰা, আন প্ৰতিষ্ঠানে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰা আদিৰ অজুহাত দেখুৱাই প্ৰতিষ্ঠানটোকেই কামৰ দায়িত্ব দি থোৱা হৈছে। ইফালে, অসমীয়া প্ৰতিদিনত প্ৰথমখন প্ৰতিবেদন প্ৰকাশৰ পাছতেই এন এইচ এ আইৰ কোৱালিটী ক'ন্ট্ৰল আৰু আয়কৰ বিভাগে টি কে ইৰ কাম-কাজ আৰু কাৰ্যালয়সমূহ পৰিদৰ্শন কৰাৰ উপৰিও অৰুণাচলস্থিত বাসভৱনতো তালাচী চলাই যদিও, পৰৱৰ্তী সময়ত ৰাজনৈতিক হস্তক্ষেপত টি কে ই অথবা ৰেমকিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত থাকে।

ইফালে বিগত তিনি বছৰত নিৰ্মাণৰ নামত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি কৰি নগাঁও বাইপাছৰ পৰা গহপুৰলৈ নিৰ্মাণ প্ৰতিষ্ঠান কেইটাই যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে এই পৰিস্থিতিত বহু লোকে দুৰ্ঘটনাত প্ৰাণ দিব লগা অৱস্থাও হৈছে। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ পিছে এই বোৰলৈ ভ্ৰূক্ষেপ নাই।

ইয়াৰ বিপৰীতে অতি আশ্চৰ্যজনকভাৱে এনে এটা মুনাফাখোৰ অকৰ্মন্য প্ৰতিষ্ঠানকে অসমৰ মুখ্যমন্ত্ৰীৰ গৃহভূমি তথা জাতীয় ঐতিহ্য ক্ষেত্ৰ মাজুলীৰ সুৰক্ষাৰ বাবেও ডেৰশ কোটিৰো অধিক পুঁজিৰ সহনীয়া প্ৰতিৰোধ আঁচনিৰ ঠিকা প্ৰদান কৰা হৈছিল। যি আঁচনি সম্পূৰ্ণ নৌহওঁতেই ইতিমধ্যে চপৰা-চপৰে খহাৰ ফলত মাজুলীত গণ প্ৰতিবাদো অব্যাহত আছে।

আন এক গুৰুতৰ অভিযোগ হ'ল- গড়কাপ্তানি বিভাগৰ সাধাৰণ কাৰ্যবাহী অভিযন্তা ৰাথু তাচীৰ পত্নীৰ নামত নিৰ্মাণ প্ৰতিষ্ঠান গঢ়ি তুলি ৰাজহুৱা ধনৰ লুন্ঠনেৰে বৃহৎ পুঁজিপতি হোৱাৰ বাট মুকলাই দিছিল ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবাম টুকীয়ে। সেই পথকে অনুসৰণ কৰা টি কে ইঞ্জিনিয়াৰিং এণ্ড কনচট'ৰিয়ামক দিল্লী আৰু দিছপুৰৰ ভালে কেইগৰাকী মন্ত্ৰীয়ে এতিয়াও বিশেষ পৃষ্ঠপোষকতা আগবঢ়োৱাৰ অভিযোগ আছে।

আনহাতে, প্ৰতিষ্ঠানটোৰ লুন্ঠনত নেশ্যনেল হাইৱে ইনফ্ৰাষ্ট্ৰাকচাৰ কৰ্প'ৰেশ্যনৰ তেজপুৰ কাৰ্যালয়ৰ মহাপৰিদৰ্শক ৰাজীৱ শৰ্মা প্ৰত্যক্ষভাৱে জড়িত থকা বুলিও অভিযোগ উত্থাপিত হৈছে। পিছে ৰজাঘৰে ভাল পাই যাক, ৰাইজ-সংবাদমাধ্যমে কি কৰিব পাৰে তাক!

সেইবাবেই নগাঁৱৰ পৰা গহপুৰলৈ সৰ্বসাধাৰণ ৰাইজে মাহৰ পিছত মাহ ধৰি জীয়াতু ভুগি প্ৰতিবাদমুখৰ হৈ থাকিলেও, সংবাদমাধ্যমে দফাই দফাই এই বাতৰি প্ৰকাশ কৰিলেও, অগণন লোকে দুৰ্ঘটনাত পতিত হৈ প্ৰাণ দিব লগা হ'লেও বিশ্বৰ ভিতৰতে অভিলেখ সৃষ্টিকাৰী এইগৰাকী অসাধাৰণ কাৰ্যবাহী অভিযন্তাৰ পাৰিবাৰিক প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কোনো সাহস বৰ্তমানলৈকে দেখুৱাব পৰা নাই ন্যায় আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা সঘনাই আওৰোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in