জম্মু-কাশ্মীৰবাসীয়ে অচিৰেই পাব ৪জি ইন্টাৰনেট সেৱা…

জম্মু-কাশ্মীৰবাসীয়ে অচিৰেই পাব ৪জি ইন্টাৰনেট সেৱা…

ডিজিটেল ডেস্কঃ অচিৰেই জম্মু-কাশ্মীৰত আৰম্ভ হব পাৰে ৪জি ইন্টাৰনেট সেৱা। এই সমগ্ৰ বিষয়ৰ সন্দৰ্ভত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিছে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক এই সন্দৰ্ভত প্ৰশ্ন কৰিছে যে, জম্মু-কাশ্মীৰৰ একাংশ এলেকাত ৪জি ইন্টাৰনেট সেৱা আৰম্ভ কৰিব পৰা হয় নেকি? উল্লেখ্য যে, বিগত প্ৰায় এটাবছৰ ধৰি জম্মু-কাশ্মীৰত ইন্টাৰনেট সেৱা বন্ধ হৈ আছে। এই বিষয়ৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে অহা মঙলবাৰে অন্তিম শুনানি গ্ৰহণ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in