৪৮ ঘণ্টাৰ বাবে বন্ধ হ’ব ইণ্টাৰনেট!

৪৮ ঘণ্টাৰ বাবে বন্ধ হ’ব ইণ্টাৰনেট!

ডিজিটেল ডেস্কঃ বন্ধ হ'ব ইণ্টাৰনেট। আগন্তুক ৪৮ ঘণ্টাৰ বাবে আপুনি গুগ'ল, হোৱাটছ এপ আৰু ফেচবুকৰ পৰা হৈ পৰিব বিচ্চিন্ন। 'ৰাছিয়া টুডে' নামৰ কাকতখনে প্ৰকাশ কৰিছে এই তথ্য। কাকতখনৰ মতে, আগন্তুক ৪৮ ঘণ্টাত ইন্টাৰনেট ব্যৱহাৰকাৰী সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে বহু সময়ত সংযোগ সম্পূৰ্ণৰূপে বিচ্চিন্ন হোৱাৰো সম্ভাৱনা আছে।

ইয়াৰ কাৰণো ব্যাখ্যা কৰিছে কাকতখনে। এই সময়চোৱাত ইণ্টাৰনেটৰ মুখ্য ড'মেন আৰু নেটৱৰ্ক সম্বন্ধীয় আন্তঃগাঁথনি সম্পূৰ্ণৰূপে ডাউন থাকিব। 'দ্য ইণ্টাৰনেট কপ'ৰেচন ফৰ এচাইণ্ড নেস্ম এণ্ড নাম্বাৰ্ছে' এই সন্দৰ্ভত প্ৰকাশ কৰিছে যে, ইণ্টাৰনেটত ব্যৱহাৰকাৰীৰ এড্ৰেছ বুক, নেম ছিষ্টেমকে ধৰি ভিন্ন ধৰণৰ আন্তঃগাঁথনিক দিয়া হ'ব নতুন ৰূপ। ইয়াৰ বাবে তেওলোকে মেৰামতি কৰিব 'ক্ৰিপটোগ্ৰাফিক কী'।

দিনকদিনে বৃদ্ধি পোৱা চাইবাৰ অপৰাধ ৰোধ কৰিবৰ বাবে এই প্ৰদক্ষেপ খুবেই প্ৰয়োজন বুলি প্ৰকাশ কৰে সংস্থাটোৱে। এই সমগ্ৰ প্ৰক্ৰিয়া সম্পাদন কৰাৰ সময়চোৱাত ইণ্টাৰনেটৰ সংযোগ সম্পূৰ্ণৰূপে বিচ্চিন্ন হোৱাৰো সম্ভৱনা প্ৰকাশ কৰিছে বিশেষজ্ঞ সকলে। এই সময়চোৱাত সমগ্ৰ বিশ্বত ইন্টাৰনেট সম্পৰ্কীয় সকলো কামত প্ৰভাৱ পৰাৰ লগতে বৃত্তীয় লেনদেনত ক্ষেত্ৰত বিশেষ ভাৱে প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in