পাকিস্তানত বন্দী হৈ আছে ৪৭০ ভাৰতীয়

পাকিস্তানত বন্দী হৈ আছে ৪৭০ ভাৰতীয়

ডিজিটেল ডেস্কঃ পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছে ৪৭০ গৰাকী ভাৰতীয়। পাক চৰকাৰৰ তথ্য মতে, এই ৪৭০ গৰাকীৰ ভিতৰত ৪১৭ জনেই হৈছে মাছমৰীয়া।

আনহাতে ভাৰতৰ কাৰাগাৰত কাৰাবন্দী হৈ আছে ৩৫৭ গৰাকী পাকিস্তানী। ইয়াৰে ২৪৯ জন সাধাৰণ নাগৰিক আৰু ১০৮ জন মাছমৰীয়া।

ভাৰতৰ গৃহমন্ত্ৰণালয়ে জানিবলৈ দিছে যে দুয়োখন দেশৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাৰ বাবে ২০১৩ চনৰ অক্টোবৰৰ পৰা পাকিস্তান-ভাৰতৰ কাৰাগাৰ ন্যায়িক সমিতিৰ কোনো বৈঠক অনুষ্ঠিত হোৱা নাই।

এনে পৰিপ্ৰেক্ষিতত এই কাৰাবন্দী সকলৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহন কৰিব পৰা নাই দেশ দুখনে।

উল্লেখ্য যে ২০১৬ চনত ভাৰতে ১১৪ গৰাকী পাকিস্তানী কাৰাবন্দীক মুকলি কৰি দিয়াৰ বিপৰীতে পাকিস্তানেও মুকলি কৰিছিল ৯৫১ গৰাকী ভাৰতীয়ক। মুকলি কৰি দিয়া এইসকলৰ ৯৪১ জনেই জনেই আছিল মাছমৰীয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in