পাকিস্তানৰ সিন্ধত উত্তেজনা! ৪৭জন অধ্যাপকক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে…

পাকিস্তানৰ সিন্ধত উত্তেজনা! ৪৭জন অধ্যাপকক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে…

ডিজিটেল ডেস্কঃ পাকিস্তানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰায় ৪৭জন অধ্যাপকক। দৰাচলতে চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপকসকলৰ পদোন্নতিৰ দাবী মানি নোলোৱাৰ বাবেই পাকিস্তানৰ সিন্ধৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে অধ্যাপকসকলে।

পাকিস্তানৰ সংবাদমাধ্যমৰ বাতৰি অনুসৰি, আৰক্ষীৰ এগৰাকী বিষয়াই সদৰী কৰা মতে, গ্ৰেপ্তাৰ কৰা অধ্যাপক কেইজনৰ ভিতৰত ৪৪জন পুৰুষ আৰু বাকী তিনিগৰাকী মহিলা। তেওঁলোকক পৃথক পৃথক আৰক্ষী থানালৈ স্থানান্তৰ কৰা হৈছে।

প্ৰতিবাদকাৰীসকলে সদৰী কৰা অনুসৰি, তেওঁলোকৰ দাবী সিন্ধৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছৈয়দ কাইম আলী শ্বাহে মানিছিল আৰু তাত অনুমোদনো দিছিল। কিন্তু বৰ্তমানলৈ সেয়া কাৰ্যকৰী কৰা নহ'ল। যাৰ বাবে তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in