কোভিড মহামাৰীৰ মাজতে নিৰৱচ্ছিন্নভাৱে সংবাদ পৰিৱেশন কৰা ৪৬ সাংবাদিকলৈ উপহাৰ…

কোভিড মহামাৰীৰ মাজতে নিৰৱচ্ছিন্নভাৱে সংবাদ পৰিৱেশন কৰা ৪৬ সাংবাদিকলৈ উপহাৰ…

ডিজিটেল সংবাদ, মঙলদৈঃ কোভিড-১৯ মহামাৰীৰ সময়ত নিজৰ জীৱনক তুচ্ছ কৰি ৰাইজৰ সেৱাৰ হকে নিৰৱচ্ছিন্নভাৱে সংবাদ পৰিবেশণ কৰা অসম চৰকাৰৰ "ৰিকগনাইজড কাৰ্ড" থকা সাংবাদিক সকললৈ সৰ্বানন্দ সোণোৱালে প্ৰশংসা আৰু কৃতজ্ঞতাৰ চিন স্বৰূপে দেওবাৰে দৰং জিলা উপায়ুক্তৰ জৰিয়তে বিতৰণ কৰে উপহাৰ আগবঢ়াইছে ।

এই উপলক্ষে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দেওবাৰে বিয়লি ৩ বজাত অনুষ্ঠিত এক সভাত জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই আনুষ্ঠানিকভাৱে এই উপহাৰসমূহ সাংবাদিকৰ মাজত বিতৰণ কৰে। জিলাখনৰ জনসংযোগ বিভাগৰ স্বীকৃতিপ্ৰাপ্ত থকা সাংবাদিকক উক্ত সভাত জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত বৰুৱা, অতিৰিক্ত উপায়ুক্ত নৱজিৎ ওজা, জিলা তথ্য আৰু জন সংযোগ বিষয়া মনিমালা গগৈয়ে সভাৰ আঁত ধৰে। সভাত সাংবাদিক মুকুট ৰাজ শৰ্মা, ময়ুখ গোস্বামী, হেমন্ত কুমাৰ বৰুৱা, প্ৰদীপ ঘোষ, গগণ নাথ, ধ্ৰুৱ প্ৰসাদ চহৰীয়া আদিয়ে বক্তৱ্য আগবঢ়াই অসম চৰকাৰৰ এনে প্ৰচেষ্টাৰ শলাগ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in