মহানগৰীত চিবিআইৰ অভিযান, ৪৫ লাখ টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজনক…

মহানগৰীত চিবিআইৰ অভিযান,  ৪৫ লাখ টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজনক…
  • বুধবাৰে বিয়লি ৪:৩০ বজাত ইছলামপুৰ অঞ্চলত চিবিআইয়ে এক অভিযান চলায়।
  • ইছলামপুৰৰ হাজি মুছাফিৰ খানাত চলোৱা হয় এই অভিযান।
  • অভিযানত আৰক্ষীয়ে এজন ড্ৰাগছ সৰৱৰাহকাৰীক হাতে লোটে ধৰা পেলায় গ্ৰেপ্তাৰ কৰে।
  • লোকজনৰ নাম মজিবুৰ ৰহমান মণ্ডল।
  • লোকজনৰ ঘৰ ধুবুৰীৰ চাপাৰ থানাৰ অন্তৰ্গত হাতীপুটা গাঁৱত।
  • তেওঁৰ পৰা ৩০ হাজাৰ মেথামফেটামাইন নামৰ ড্ৰাগছ টেবলেট জব্দ কৰা হৈছে।
  • ইতিমধ্যে এই সম্পৰ্কে চিবিআই আৰক্ষীৰ ওচৰত এটা গোচৰ ৰুজু কৰা হৈছে।
  • এখন অটো ৰিক্সাত টেবলেটখিনি মজুত ৰাখিছিল লোকজনে।
  • ড্ৰাগছখিনিৰ আনুমানিক মূ্ল্য ৪৫ লাখ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in