কোৰোনাৰ অভিলেখঃ ২৪ঘন্টাত ভাৰতত মৃত্যু আৰু আক্ৰান্তৰ সংখ্যাই আপোনাকো কৰিব চিন্তিত…

কোৰোনাৰ অভিলেখঃ ২৪ঘন্টাত ভাৰতত মৃত্যু আৰু আক্ৰান্তৰ সংখ্যাই আপোনাকো কৰিব চিন্তিত…

ডিজিটেল ডেস্কঃ কোৰোনাৰ সন্ত্ৰাস যেন নকমিবই ভাৰতত। দিনক দিনে অতিমাৰীৰ প্ৰকোপে বিধ্বস্ত কৰিছে জনজীৱন। বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাই পুনৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সদৰি কৰা অনুসৰি, বিগত ২৪ঘন্টাত ভাৰতত অভিলেখ সংখ্যক ৪১০গৰাকী লোকৰ মৃত্যুৰ লগতে আক্ৰান্ত হৈছে ১৯,৯০৬গৰাকী ব্যক্তি। ইতিমধ্যে দেশত আক্ৰান্তৰ সংখ্যাই ৫লাখৰ ঘৰ অতিক্ৰম কৰিছে আৰু বৰ্তমান ইয়াৰ সংখ্যা হৈছেগৈ ৫,২৮,৮৫৯। ইয়াৰে ২লাখ ৩হাজাৰ ৰোগী হৈছে কোৰোনামুক্ত, বাকী ৩লাখ ১০হাজাৰ ৰোগী এতিয়াও চিকিতসাধীন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in