শেহতীয়া খবৰ
বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...  •  নাট্য সন্মিলনৰ নগাওঁ কেন্দ্ৰীয় অধিবেশন স্থগিত...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...  •  সন্মুখত গণৰাজ্য দিৱসঃ ১১.২লাখ টকাৰ ৰাষ্ট্ৰীয় পতাকাৰে সাজু অসম খাদী ব’ৰ্ড...

বন্ধ কৰা হ’ব ৪০০ বিদ্যালয়, হোৱা নাই এজনো শিক্ষাৰ্থীৰ নামভৰ্তি…

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে ৰাজ্য চৰকাৰে সম্পূৰ্ণ শিক্ষা ব্যৱস্থাটো সংশোধন কৰিবলৈ ওলাইছে আৰু সেয়েহে কিছু সংখ্যক বিদ্যালয় বন্ধ কৰা হ’ব য’ত এজনো ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰা হোৱা নাই। তেওঁ লগতে কয় যে ৰাজ্যখনত চৰকাৰী বিদ্যালয়সমূহৰ সংখ্যা তিনি হাজাৰৰো অধিকলৈ বৃদ্ধি পাইছে। এই সংখ্যা স্বাধীনতাৰ সময়ত আছিল মাত্ৰ তিনিখন।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পশ্চিম কামেংগ জিলাৰ বমদিলাত এখন চৰকাৰী কলেজত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কয়- ‘আমি এতিয়ালৈকে এনে ধৰণৰ ৪০০ বিদ্যালয় বন্ধ কৰিছো, য’ত এজনো ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰা নাই। লগতে ৬০টা বিধানসভা সমষ্টিৰ প্ৰতি একোখন বিদ্যালয়ক উন্নত কৰি তাত সকলো ধৰণৰ সা-সুবিধা প্ৰদান কৰি ম’ডেল স্কুল হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছো।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি