শেহতীয়া খবৰ
গণনিগ্ৰহ প্ৰতিৰোধ  •  গণনিগ্ৰহ প্ৰতিৰোধ  •  আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...

বন্ধ কৰা হ’ব ৪০০ বিদ্যালয়, হোৱা নাই এজনো শিক্ষাৰ্থীৰ নামভৰ্তি…

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে ৰাজ্য চৰকাৰে সম্পূৰ্ণ শিক্ষা ব্যৱস্থাটো সংশোধন কৰিবলৈ ওলাইছে আৰু সেয়েহে কিছু সংখ্যক বিদ্যালয় বন্ধ কৰা হ’ব য’ত এজনো ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰা হোৱা নাই। তেওঁ লগতে কয় যে ৰাজ্যখনত চৰকাৰী বিদ্যালয়সমূহৰ সংখ্যা তিনি হাজাৰৰো অধিকলৈ বৃদ্ধি পাইছে। এই সংখ্যা স্বাধীনতাৰ সময়ত আছিল মাত্ৰ তিনিখন।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পশ্চিম কামেংগ জিলাৰ বমদিলাত এখন চৰকাৰী কলেজত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কয়- ‘আমি এতিয়ালৈকে এনে ধৰণৰ ৪০০ বিদ্যালয় বন্ধ কৰিছো, য’ত এজনো ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰা নাই। লগতে ৬০টা বিধানসভা সমষ্টিৰ প্ৰতি একোখন বিদ্যালয়ক উন্নত কৰি তাত সকলো ধৰণৰ সা-সুবিধা প্ৰদান কৰি ম’ডেল স্কুল হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছো।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি