আকৌ আহিছে কোৰোনা,এদিনতেই ৪০ সহস্ৰাধিক লোকৰ দেহত কোভিড ১৯…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্ক : পুনৰ ভয়াবহ ৰূপ লৈছে কোৰোনাই । যোৱা ২৪ ঘন্টাত দেশত ৪০ সহস্ৰাধিক লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।মহাৰাষ্ট্ৰ,পঞ্জাব,কেৰেলা,কৰ্ণাটক,গুজৰাটত এটা দিনতে বহু সংখ্যক লোক আক্ৰান্ত হৈছে কোভিড ১৯ত ।

উল্লেখযোগ্য যে যোৱা দুদিন ধৰি কোভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাকলৈ চিন্তিত হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয় । বৃহস্পতিবাৰে মহাৰাষ্ট্ৰত ২৫,৮৩৩ জন লোকৰ দেহত নতুনকৈ কোভিড ১৯ ধৰা পৰে । নিৰ্বাচন অনুষ্ঠিত হ'ব লগা তামিলনাডুতো যোৱা ২৪ ঘন্টাত ৯৮০ টা কোভিড ১৯ত আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে ।

দিল্লীতো কোৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰোধৰ ব্যৱস্থা ল'বলৈ জৰপৰী বৈঠক অনুষ্ঠিত কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । যোৱা আঢ়ৈ মাহৰ ভিতৰত দিল্লীত একেদিনাই ৬০০ ৰো অধিক লোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in