শেহতীয়া খবৰ
অমিত শ্বাহ অহাৰ বাটত ক’লা পতাকা আঁৰিলে আছুৱে...  •  অমিত শ্বাহ অহাৰ বাটত ক’লা পতাকা আঁৰিলে আছুৱে...  •  অমিত শ্বাহ অহাৰ বাটত ক’লা পতাকা আঁৰিলে আছুৱে...  •  আকাশবাণী কেন্দ্ৰত অগ্নিকাণ্ড...  •  ৰাজ্যত আকৌ ১৯জন কোৰোনা পজিটিভ...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী অজয় যোগীৰ বটদ্ৰৱা থান দৰ্শন...  •  ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী...  •  চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন...

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত আটক ৪ দুধৰ্ষ আলফা সদস্য

398
  • অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ চাংকা হাবিত আটক চাৰি দুধৰ্ষ আলফা সদস্য।
  • দিনজানস্থিত ভাৰতীয় সেনাৰ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আছাম ৰাইফলছ্‌ৰ ৬ আৰু ৯ নং ৰেজিমেন্টৰ দলে অভিযান চলাই আটক কৰে কেডাৰ কেইগৰাকীক।
  • আটকাধীন কেডাৰকেইগৰাকী ক্ৰমে মেজৰ টিখেশ্বৰ মৰাণ ওৰফে অৰ্জুন অসম, চাৰ্জেন্ট অৰুপ দুৱৰা ওৰফে আঞ্চন অসম, চাৰ্জেন্ট সুৰজিত দুৱৰা ওৰফে খামন অসম আৰু চাৰ্জেন্ট জিন্টু অসম।

  • আটক কৰাৰ সময়ত কেডাৰ কেইগৰাকীৰ পৰা তিনিটা আমেৰিকা আৰু চীনত নিৰ্মিত ০.৩২এমএম পিষ্টল, এটা ম্যানমাৰত নিৰ্মিত ৭.৬৫ এমএম পিষ্টল, চাৰিটা মেগজিন, আঠজাই সজীৱ পিষ্টলৰ গুলী, এটা একে চিৰিজৰ মেগজিনসহ ২০ জাই সজীৱ গুলী, মোবাইল ফোন আদি জব্দ কৰে সেনাই।

  • আটকাধীন কেডাৰকেইগৰাকীয়ে ম্যানমাৰৰ টাগাত প্ৰশিক্ষণ গ্ৰহণ কৰি উজনি অসমত ধনদাবীৰ লগতে নতুন সদস্যভৰ্তীৰ অভিযানত জড়িত থকাৰ কথা প্ৰকাশ সেনাই সূত্ৰত।
  • আটকাধীন কেডাৰকেইগৰাকীক ইতিমধ্যে চাংলাং লাজু থানাত গটাই দিছে ভাৰতীয় সেনাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি