জন্মু- কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত,আহত ১ জন আৰক্ষী কনিষ্টবল…

জন্মু- কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত,আহত ১ জন আৰক্ষী কনিষ্টবল…

ডিজিটেল ডেস্ক : জন্মু কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ । এই সংঘৰ্ষৰ বাবে বন্ধ কৰি দিয়া হৈছে জন্মু – শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ । ই সংঘৰ্ষত ৪ গৰাকী সন্ত্ৰাসবাদীৰ মৃত্যু হোৱাৰ লগতে এজন আৰক্ষীৰ কনিষ্টবল আঘাত প্ৰাপ্ত হয় । জন্মুৰ বান টোল প্লাজাৰ সমীপত সংঘটিত হয় এই সংঘৰ্ষ ।

প্ৰাপ্ত খবৰ অনুসৰি বাছেৰে জন্মুৰ পৰা কাশ্মীৰলৈ গৈ আছিল সন্ত্ৰাসবাদী সকল । ঘটনাটো নিশ্চিত কৰি, জম্মু কাশ্মীৰৰ আৰক্ষী দিলবাগ সিঙে কয়, "নাগৰোটা জিলাৰ বান টোল প্লাজাৰ ওচৰত জেইএম গোটৰ সৈতে সন্ত্ৰসবাদী নিহত হয় । তেওঁলোকে সম্বা ছেক্টৰৰ পৰা অনুপ্ৰৱেশ কৰে।তালাচীৰ সময়ত সন্ত্ৰাবাদীয়ে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি এটা গ্ৰানেড নিক্ষেপ কৰিছিল ।"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in