এজন নহয়, অসমলৈ বিমানযোগে অহা ২ জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ আহমেদাবাদ আৰু গুৱাহাটী সংযোগী বিমানৰ ২ গৰাকী যাত্ৰীৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ। স্পাইচজেট বিমানেৰে ২৫ মে'ত আহিছিল লোক দুজন। তাৰে এজন যাত্ৰী আহিছিল এছজি-৮১৯৪ নম্বৰৰ বিমানখনত আৰু আনগৰাকী আহিছিল এছজি-৮১৫২ নম্বৰৰ বিমানখনত। এই তথ্য সদৰি কৰিছে স্পাইচজেটৰ মুখপাত্ৰই। সোমবাৰৰ পৰা ঘৰুৱা বিমান চলাচল কৰিবলৈ আৰম্ভ কৰাৰ পাছতে এতিয়ালৈকে সৰ্বমুঠ ৪ গৰাকী যাত্ৰীৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ। তাৰে দুজন অসমলৈ অহা যাত্ৰী।

স্পাইচজেটে এই তথ্য সদৰি কৰাৰ পাছতে এই বিষয়টোৱে বিভিন্ন মহলত চৰ্চা লাভ কৰিছে। কাৰণ ইতিমধ্যে কোৰোনা ভাইৰাছ ধৰা পৰা এজন লোকহে বিমানেৰে যাত্ৰা কৰা বুলি অসম চৰকাৰে প্ৰকাশ কৰিছিল। তেনেস্থলত স্পাইচজেট কৰ্তৃপক্ষই সদৰি কৰা এই তথ্যৰ সৈতে অমিল দেখিবলৈ পোৱা গৈছে অসমলৈ বিমানত আহি কোৰোনা ধৰা পৰা লোকৰ সংখ্যাৰ ক্ষেত্ৰত।

উল্লেখ্য যে, ইতিমধ্যে দেশত কোৰোনা ধৰা পৰা ৪ বিমান যাত্ৰীৰ প্ৰথমজন আছিল ইণ্ডিগ' বিমানৰ যাত্ৰী। আনফালে দ্বিতীয়গৰাকীলোকে এয়াৰ ইণ্ডিয়াত যাত্ৰা কৰিছিল। ইফালে স্পাইচজেট কৰ্তৃপক্ষই অসমত কোৰোনা ধৰা পৰা লোক দুজনৰ কোৰোনা পৰীক্ষাৰ নমুনা গুৱাহাটীত বিমানৰ পৰা নমাৰ পাছতে সংগ্ৰহ কৰা বুলি সদৰি কৰিছিল। লগতে ইয়াকো প্ৰকাশ কৰিছে যে, লোককেইজনক গুৱাহাটীত আহি পোৱাৰ পাছতে কোৱাৰেন্টাইন কৰা হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in