অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত, ৪ আৰক্ষীসহ ৫জনৰ মৃত্যু…

অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত, ৪ আৰক্ষীসহ ৫জনৰ মৃত্যু…

  • অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত।
  • মিজোৰ গুলীত নিহত চাৰিজন অসম আৰক্ষী।
  • কাছাৰৰ সীমান্তত গুলীবৰ্ষণ কৰে নিজো দুৰ্বৃত্তই।
  • ইফালে, এই গুলীবৰ্ষণত মৃত্যু হৈছে এজন স্থানীয় লোকৰো।
  • ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিজোৰামৰ মুখ্যমন্ত্ৰীৰে পাতিছে কথা।
  • আইজললৈ গৈ এই বিষয়ে আলোচনাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।
  • অসম আৰক্ষীৰ গুলীৰে প্ৰত্যুত্তৰ দিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • সীমান্তৱৰ্তী অঞ্চললৈ গৈ পৰিস্থিতিৰ বুজ ল'বলৈ মন্ত্ৰী পীয়ুষ হাজৰিকাক নিৰ্দেশ মুখ্যমন্ত্ৰী শৰ্মাৰ।
  • এই সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বি চন্দ্ৰকান্ত নিম্বালকাৰ।
  • ঢলাই ধানাৰ ভাৰপ্ৰাপ্ত বিষয়া চাহাবুদ্দিন লস্কৰো আহত হৈছে গুলীবৰ্ষণত।
  • ৩০জনলৈ অধিক আৰক্ষী আৰু স্থানীয় লোক আহত হোৱা বুলি জানিব পৰাগৈছে।
  • বৰ্তমানলৈকে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in