মহানগৰীত জালনোট চক্ৰ উৎখাত,গ্ৰেপ্তাৰ ৪ গৰাকী জালনোট সৰবৰাহকাৰীক….

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্ক : মহানগৰীত জান নোট চক্ৰৰ বিৰুদ্ধে দেওবাৰে ক্ৰাইম ব্ৰাঞ্চৰ অভিযান ।পাঞ্জাবাৰীত জাল নোট প্ৰস্তুতকাৰীৰ চক্ৰ উৎখাত কৰে ক্ৰাইম ব্ৰাঞ্চে । জাল নোট বনোৱা মেচিনসহ ১০ লাখৰো অধিক জাল নোট জব্দ কৰে আৰক্ষীয়ে । ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে ৪ গৰাকী জালনোট সৰবৰাহকাৰীক।

গ্ৰেপ্তাৰ কৰা চাৰি জালনোট সৰবৰাহকাৰী কেইজন ক্ৰমে নজৰুল হাচান, আবজালুৰ ৰহমান, নিজামুদ্দিন আৰু হামিদ আলী । ভাড়াঘৰত থাকি সমগ্ৰ উত্তৰ পূবত জাল নোটৰ বেহা চলাই আছিল চক্ৰটোৱে । চাৰিজন সৰবৰাহকাৰীৰ পৰা মোবাইলৰ লগতে বাইক জব্দ কৰে ক্ৰাইম ব্ৰাঞ্চে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in