তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৬ নে ৮ এপ্ৰিলত ?

তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৬ নে ৮ এপ্ৰিলত ?

ডিজিটেল ডেস্ক : তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৬ এপ্ৰিলত । কিন্তু ভোটাৰক ৮ এ্ৰপ্ৰিলতহে ভোটদান কৰিবৰ বাবে নিৰ্বাচনী বিষয়াই দিছে ভোটাৰ চিলিপ । বহু ভোটাৰে দেশৰ নিৰ্বাচন আয়োগৰ পৰা ৮ এপ্ৰিলত ভোটদানৰ বাবে লাভ কৰিছে ভোটাৰ তথ্য চিলিপ ।

পশ্চিম গুৱাহাটী সমষ্টি ৮ এপ্ৰিলত ভোটদানৰ বাবে ভোটাৰ তথ্য চিলিপ লাভ কৰিছে মুকুল চন্দ্ৰ দত্তইও । দত্তলৈ প্ৰেৰণ কৰা ভোটাৰ তথ্য চিলিপত উল্লেখ কৰা হৈছে যে ভোট গ্ৰহনৰ তাৰিখ ৮ এপ্ৰিল ২০২১ । ইয়াকেলৈ বিভ্ৰান্তিত পৰিছে একাংশ ভোটাৰ । পশ্চিম গুৱাহাটী সমষ্টিৰ নেতাজী ৰেলৱে বিদ্যালয় খণ্ডৰ গুৱাহাটী পৌৰ নিগমৰ গোটানগৰ ভোটগ্ৰহন কেন্দ্ৰত আছে এই গৰাকী ভোটাৰৰ নাম ।

নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা ভোটাৰ তথ্য চিলিপৰ এনে বিসংগতিয়ে চকু কপালত তুলিছে বহু ভোটাৰ ৰাইজৰ । যি তথ্য চিলিপত উল্লেখ আছে ৮ তাৰিখে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ তেওঁ ভোটাধিকাৰ সব্যস্ত কৰিব পাৰিব ।

যি সময়ত নিৰ্বাচন আয়োগে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ব্যাপক প্ৰচাৰ আৰু জনমত সৃষ্টি কৰিছে সেই সময়ত আয়োগৰ পৰা প্ৰেৰণ কৰা এনে বিসংগতিয়ে চকু কপালত তুলিছে ভোটাৰৰ । অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক মুকুল দত্তই জানিবলৈ দিয়া মতে এই ভুলে বহুতো সাধৰণ ভোটাৰক বিপাঙত পেলাব ।

নিৰ্বাচন আয়োগৰ দৰে এক দায়িত্বশীল কৰ্তৃপক্ষই এইবোৰ দিশ সতৰ্কতাৰে পৰ্যবেক্ষন কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে । ছপা ভুলৰ বাবেই আয়োগে প্ৰেৰণ কৰা ভোটাৰ তথ্য চিলিপত ৮ এপ্ৰিল ২০২১ ত ভোটদানৰ দিন বুলি উল্লেখ কৰিলেও ৰাজ্যৰ ৪০ টা সমষ্টিত ৬ এপ্ৰিল ২০২১ত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহন অনুষ্ঠিত হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in