৩ অক্টোবৰত চকা বন্ধ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ৩ অক্টোবৰত চকা বন্ধৰ ঘোষণা কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই। পেট্ৰ'পন্য, যন্ত্ৰাংশ, বীমা বৃদ্ধিৰ লগতে আনুসংগিক সকলো দ্ৰব্যৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ভাড়া বৃদ্ধিৰ দাবীত সদৌ অসম মটৰ পৰিবহণ সন্থাই চৰকাৰক বাৰম্বাৰ দাবী জনোৱাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে সন্থাই আহ্বান কৰিছে এই বন্ধৰ। ২৪ ঘন্টীয়া এই চকাবন্ধ কাৰ্যসূচী ৩ অক্টোবৰ পুৱা ৫ বজাৰ পৰা ৪ অক্টোবৰৰ পুৱা ৫ বজালৈ পালন কৰিব সন্থাটোৱে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in