উখল মাখল পৰিৱেশঃ ঐতিহাসিক নৰোৱা কুঁজি সত্রৰ ৩৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস…

উখল মাখল পৰিৱেশঃ ঐতিহাসিক নৰোৱা কুঁজি সত্রৰ ৩৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ যোৱা ১৯ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিললৈ ৬ দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত মধ্য অসমৰ অন্যতম ঐতিহাসিক শ্ৰীশ্ৰী নৰোৱা কুঁজি সত্রৰ ৩৭২ সংখ্যক মহা পালনাম আৰু প্ৰতিষ্ঠা দিৱসটি আজিৰ দিনটোত সত্ৰখনিত ভকত বৈষ্ণৱৰ উপস্থিতিত উখল মাখল পৰিৱেশ সৃষ্টি হয়।

যোৱা ১৯ এপ্ৰিলৰ প্ৰথম দিনা শ্ৰীগোবিন্দৰ চৰণত ভোগ চৰোৱা উৎসৱ অনুষ্ঠানৰে কাৰ্যসূচী আৰম্ভ হোৱাৰ পিছত সেইদিনাৰে পৰা অবিৰত ভাৱে ভাগৱত পাঠ আৰু প্ৰতি সন্ধ্যা সত্রীয়া পৰম্পৰাৰে বাটনাম কীৰ্তন অনুষ্ঠিত হয়।

আজি ভাগৱত পাঠ সামৰনিৰ লগে লগে ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হয়। নৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ গোস্বামীয়ে ভাগৱত শিৰত লৈ থানৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পাছত ভাগৱত শোভাযাত্ৰাই সমগ্ৰ সত্ৰ পদক্ষিন কৰে।

শোভাযাত্ৰাত গায়ন বায়ন, আইমাতৄ, কনকন শিশুৰ কৃষ্ণ, শিৱ, ব্ৰক্ষ্মা, ঋষি আদি বিভিন্ন চৰিত্ৰৰ লগতে ভকত বৈষ্ণৱৰ নাম কীৰ্তনত আকাশ বতাহ মুখৰিত হৈ পৰে। কাইলৈ সত্ৰত এখন ধৰ্মালোচনী সভা অনুষ্ঠিত হোৱাৰ পাছত ২৪ এপ্ৰিলৰ দিনা মহা পালনাম কীৰ্তন অনুষ্ঠিত হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in