বাংলাদেশত ফেৰীত অগ্নিকাণ্ড, ৩২জন লোকৰ মৃত্যু…

বাংলাদেশত ফেৰীত অগ্নিকাণ্ড, ৩২জন লোকৰ মৃত্যু…

ডিজিটেল ডেস্কঃ বাংলাদেশৰ ঢাকাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। নদীৰ মাজতে এখন ফেৰীত অগ্নিকাণ্ড সংঘটিত হয়। শুকুৰবাৰে পুৱা সময়ত ঝাকাকাঠিৰ সমীপত সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল।

উদ্ধাৰকাৰী দল আৰু আৰক্ষীয়ে বৰ্তমানলৈ ৩২জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে। এই ঘটনা সংঘটিত হোৱাৰ পাছতে ফেৰীসমূহ সময় মতে মেৰামতি নকৰাৰ ফলতে এনে হ'বলৈ পালে বুলি অভিযোগ উত্থাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in